নিয়মীয়া বাৰ্তা ২৩ মে’: মহাপুৰুষজনাৰ পবিত্ৰ জন্মস্থান শ্ৰীশ্ৰী আলিপুখুৰী পাতেকীবৰী ‘চানৰাইচ ক্লাৱ’ৰ উদ্যোগত আৰু ‘নেহৰু যুৱ কেন্দ্ৰ’ মৰিগাঁৱৰ সহযোগত আজি দিনজোৰা কাৰ্যসূচীৰে বৃক্ষৰোপণ পালন কৰা হয়। দিনজোৰা কাৰ্যসূচীৰে বৃক্ষৰোপণ কৰা উক্ত কাৰ্যসূচীত উপস্থিত থাকে মৈৰাবাৰী উন্নয়ন খণ্ডৰ ভাৰপ্ৰাপ্ত খণ্ড উন্নয়ন বিষয়া হেমন্ত ডেকা, অসম ৰাজ্যিক গ্ৰামীণ জীবিকা মিশন অভিযানৰ বিষয়া ধনজিত দাস, ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত সমাজসেৱক আব্দুল গফুৰ, মৈৰাবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পংকজ দাস, চানৰাইচ ক্লাৱৰ সভাপতি তবিউৰ ইছলাম সম্পাদক শ্বাহিনুৰ ৰহমান, মৈৰাবাৰী আদৰ্শ বিদ্যালয়ৰ অধ্যক্ষ লুৎফুৰ ৰহমান, যুৱ সাংবাদিক মুস্তফা মেহেবুব মুক্তাৰ, ইছফাকুৰ ৰহমানকে আদি কৰি অঞ্চলটোৰ বহু কেইজন গণ্য মান্য ব্যক্তি।
প্ৰেৰক তাৰিকুল ইছলাম