নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইতিবাচক : পাটাছাৰকুছিত চাকৰি জীৱনৰ পৰা অৱসৰৰ দিনা গছপুলি ৰোপণ

নিয়মীয়া বাৰ্তা, ৩১জুলাই : পাটাছাৰকুছি অঞ্চলৰ ধৰমতলা নিবাসী তথা হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ পৰিদৰ্শক লোকেন্দ্ৰ কলিতাই আজি চাকৰি জীৱনৰ অৱসৰৰ দিনাই ৪০ বছৰীয়া চাকৰি জীৱনৰ লগত সংগতি ৰাখি পাটাছাৰকুছি অঞ্চলত ৪০ জোপা গছপুলি ৰোপণ কৰে। গছপুলিসমূহ ৰোপণৰ লগতে সুৰক্ষাৰ বাবে খোৱাৰৰ ব্যৱস্থা কৰে আৰু অনাগত দিনত গছপুলি কেইটা চোৱাচিতা কৰাৰো দায়িত্ব লয়। উল্লেখ্য যে হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ বৰপেটা জিলাত পৰিদৰ্শক হিচাপে কৰ্মৰত কলিতাৰ আজি চাকৰিৰ অন্তিম দিন আছিল। এই উপলক্ষে পাটাছাৰকুছিৰ প্ৰাগজ্যোতি ক্লাবৰ কাৰ্যাল়য় ভূপেন হাজৰিকা ভৱনৰ সভাকক্ষত বিশিষ্ট সমাজকৰ্মী তথা অৱসৰপ্ৰাপ্ত অধ্যাপক মুনীন্দ্ৰ নাৰায়ন গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত তথা লোকেন্দ্ৰ কলিতাই উদ্দেশ্য ব্যাখ্যা কৰা আৰু হেমন্ত কুমাৰ ৰয়ে আঁত ধৰা এখন সভাত প্ৰকৃতিপ্ৰেমী আনন্দ খটনিয়াৰ, মুছলপুৰ উচ্চতৰ মাধ্যমিৰ বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ৰবীন শৰ্মা, হস্ততাত আৰু বস্ত্ৰশিল্প বিভাগৰ অৱসৰপ্ৰাপ্ত সহকাৰী সঞ্চালক দীপক ডেকা আদিয়ে অতিথি হিচাপে উপস্থিত থাকে। গছপুলি ৰোপন কাৰ্যসূচীত মুনীন্দ্ৰ নাৰায়ন গোস্বামী, আনন্দ খটনিয়াৰ, ৰবীন শৰ্মা, বিশিষ্ট ব্যৱসায়ী পৰমেশ হালৈ, পাটাছাৰকুছি উন্নয়ন সমিতিৰ সভাপতি প্ৰসন্ন শৰ্মা, পাটাছাৰকুছি শাখা সাহিত্য সভাৰ সভাপতি দিলীপ কুমাৰ ৰয় আদিকে ধৰি কেবাগৰাকী বিশিষ্ট ব্যক্তিয়ে ভাগ লয়।

প্ৰেৰক উৎপল মেধি

You might also like