নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কণমানি হৰ্ষিত হিয়ানৰ বাবে আগবঢ়াওক অকণমান সহায়ৰ হাত

🔹 অতি জটিল ৰোগত আক্ৰান্ত ৮ মহীয়া হৰ্ষিত 

নিয়মীয়া বাৰ্তা, ১৭ ডিচেম্বৰ : তিতাবৰৰ বৰহোলা নিৱাসী হৰেন বৰাৰ ৮ মহীয়া পুত্ৰ হৰ্ষিত হিয়ান বৰা যকৃতৰ অতি জটিল ৰোগত আক্ৰান্ত হৈ বৰ্তমান হায়দৰাবাদৰ এখন ব্যক্তিগত চিকিৎসালয়ত এমাহ ধৰি চিকিৎসাধীন হৈ আছে। হৰ্ষিত হিয়ানৰ ব্যয়বহুল চিকিৎসাৰ বাবে পৰিয়ালটোক কিছু অৰ্থ সাহায্যৰ প্ৰয়োজন হৈছে । উন্নত চিকিৎসা পদ্ধতি, বিশেষ যত্ন আৰু অত্যাৱশ্যকীয় ঔষধকে ধৰি পুত্ৰৰ চিকিৎসাৰ আনুমানিক খৰচ বিশ লাখ পৰ্যন্ত হ’ব পাৰে বুলি চিকিৎসকে জনাইছে। আপোনাৰ কিঞ্চিৎ আৰ্থিক বৰঙণিয়ে পৰিয়ালটোক বিপদৰ সময়ত যথেষ্ট সহায় কৰিব। পৰিয়ালটোৱে এই বিপদৰ সময়ত ৰাইজৰ পৰা কিছু সহায় বিচাৰি কাতৰ অনুৰোধ জনাইছে। পৰিয়ালটোক আৰ্থিকভাৱে সহায় কৰিবলৈ হৰেন বৰাৰ ভাৰতীয় ষ্টেট বেংকৰ বৰহোলা শাখাৰ একাউণ্ট নং 32893972051 (IFSC SBIN0004573)ত বৰঙণি প্ৰেৰণ কৰিব পাৰিব অথবা গুগলপে/ফোনপেযোগে ৮৬৩৮৬৫৬৭৩১ নম্বৰত চিকিৎসা সাহায্য আগবঢ়াব পাৰিব। আপোনাৰ অকণমান সহায়ৰ হাতে পৰিয়ালটিলৈ সুখৰ হাঁহি বিৰিঙাই আনিব। চৰকাৰ, প্ৰশাসন, দল-সংগঠনসমূহলৈও পৰিয়ালটোৱে কাতৰ প্ৰাৰ্থনা কৰি কয় যে আপোনালোকৰ নি:স্বাৰ্থ সহায়-সহযোগিতাই কণমানিটিক সুস্থ কৰি তুলিব ।

প্ৰেৰক ৰঞ্জিত ৰজক

You might also like