নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আৰক্ষীৰ গুলীচালনাত ভৰি-পেট-কঁকালত গুলী, নিহত ২

নিয়মীয়া বাৰ্তা, ১২ ছেপ্টেম্বৰ : সোণাপুৰৰ কচুতলীত আজি এক যুদ্ধংদেহি ভয়ংকৰ ঘটনা সংঘটিত হয়৷ আৰক্ষী আৰু কচুতলীৰ স্থানীয় উচ্ছেদীত লোকৰ মাজত সৃষ্টি হয় এই ঘটনা৷ ঘটনা অনুসৰি সোণাপুৰৰ ১নং কচুতলী আৰু সোণাপুৰ পথাৰত একাংশ লোকে চৰকাৰী ভূমি, সংৰক্ষিত চৰনীয়া পথাৰ আৰু জনজাতীয় আৱেষ্টনীৰ ভূমি অবৈধ ভাবে বহু লোকে বে দখল কৰি বসবাস কৰি আছিল৷ অঞ্চলটোৰ এনে বেদখলকাৰী প্ৰায় শতাধিক লোকক বিগত চাৰিদিন ধৰি জিলা প্ৰশাসনে উচ্ছেদ কৰে ৷ উচ্ছেদিত সময়ত তেনে কোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱা নাছিল৷ ইপিনে ২৯ বিঘা চৰকাৰী ভূমিত কৰা খেতি পথাৰো টেক্টৰৰ দ্বাৰা ধ্বংস কৰা হয়৷ একপ্ৰকাৰ শান্তিপূৰ্নভাবে উচ্ছেদ কাৰ্য হয়৷ কিন্তু উচ্ছেদিত লোকসকলে সেই স্থান ত্যাগ কৰা নাছিল৷ যাৰ বাবে আজি সোণাপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া নিতুল খাটনীয়াৰৰ লগতে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ এটা দল সেই স্থানত উপস্থিত হয়৷ আৰক্ষী অৰ্ধসামৰিক বাহিনী উপস্থিত হোৱাৰ লগে লগে ১নং কচুতলীৰ অবৈধ বেদখলকাৰী উচ্ছেদিত পুৰুষ মহিলাই হাতত লাঠী-জোং লৈ আক্ৰমণ কৰিলে আৰক্ষী প্ৰশাসনৰ লোকক। পৰিস্থিতি অতি ভয়ংকৰ হৈ পৰে৷ এফালে আৰক্ষী প্ৰশাসন আনফালে উচ্ছেদিত লোকৰ মাজত হতাহতিৰ পৰিৱেশ৷ আৰক্ষীয়ে পৰিষ্ঠিতি নিয়ন্ত্ৰনৰ বাবে লাঠীচালনাৰ লগতে গুলীচালনা কৰিবলগীয়া হয়৷ আৰক্ষীৰ বাহনো ভাঙি দিয়ে উচ্ছেদিত লোকে৷ এনে যুদ্ধংদেহি ঘটনাৰ ফলত চক্ৰ বিষয়া নিতুল খাটনীয়াৰ, তিনিগৰাকী আৰক্ষী আৰু পুৰুষ মহিলাসহ সাতগৰাকী উচ্ছেদিত লোক গুৰুতৰভাৱে আহত হয়৷ ইয়াৰে উচ্ছেদিত আটাইকেইজনৰে ভৰি, পেট আৰু কঁকালত গুলী লাগে ৷ আটাইকেইজনকে ততাতৈয়াকৈ ১০৮ সেৱাৰ জৰিয়তে সোণাপুৰ জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়৷ আহতসকলৰ ভিতৰত সোণাপুৰ চক্ৰ বিষয়া নিতুল খাটনীয়াৰ, আহত আৰক্ষীৰ ভিতৰত মানসজ্যোতি চেতীয়া, দ্বীপজ্যোতি গগৈ আৰু তাপস আলী৷ ইপিনে উচ্ছেদিত আহতৰ ভিতৰত হায়দৰ আলী, জেবাহিদ আলী, মফিদা খাতুন, মমিৰাম নেচা, আইচা খাতুন, চাজাহান আলী আৰু জহৰুল আলী ৷ ইয়াৰে হায়দৰ আলী আৰু জেবাহিদ আলী সোণাপুৰ জিলা চিকিৎসালয়তে মৃত্যু হয়৷ আনহাতে তাপস আলী, জহৰুল আলী আৰু আইচা খাতুনৰ স্বাস্থ্য অধিক অবনতি ঘটাত উন্নত চিকিৎসাৰ বাবে জি এম চি এইচলৈ প্ৰেৰণ কৰে৷ উল্লেখ্য যে আৰু বহু আৰক্ষীৰ লোক পলাই কথমপি প্ৰাণৰক্ষা পৰে৷ উল্লেখ্য এতিয়াও অঞ্চলটোত পৰিস্থিতি অতি ভয়ংকৰ হৈ আছে৷ দিনৰ ভাগত সংবাদ কৰ্মীৰ লগতে সাধাৰণ লোকক অঞ্চলটোত সোমোৱাটো নিষেধ কৰি দিছে৷ ঘটনাস্থলীত আৰক্ষীৰ উচ্চপদস্থ বিষয়ী উপস্থিত হৈ পৰিবেশ নিয়ন্ত্ৰণ কৰিছে ৷

প্ৰেৰক ৰমেশ দাস

You might also like