বিশেষ বাৰ্তা, ১ মাৰ্চঃ গৰু বিহুৰ দিনাই ঢ়োলৰ গর্জন–বিহুৱতীৰ নাচেৰে মুখৰ হ’ব অসম৷ একেলগে কঁকাল ভাঙিব ৮ সহস্রাধিক নাচনীয়ে, ঢ়োলেৰে গুমগুমনি তুলিব তিনি সহস্রাধিক ঢুলীয়াই৷ বাপতিসাহোন বিহুক আন্তঃৰাষ্ট্রীয় পর্যায়ত তুলি ধৰাৰ উদ্দেশ্যে তথা বিহুক লৈ অভিলেখ গঢ়াৰ লক্ষ্যৰে ১৪ এপ্রিলত ৰাজ্য চৰকাৰৰ উদ্যোগত অনুষ্ঠিত হ’ব এক বিশাল অনুষ্ঠান৷ বিশ্বব্যাপী বিহুক সম্প্রসাৰণ কৰাৰ লক্ষ্যৰে অসম চৰকাৰে অসমীয়াৰ স্বাভিমানক গীনিজ বুক অৱ ৱর্ল্ড ৰেকর্ডছত অন্তর্ভুক্ত কৰাৰ এক প্রস্তুতি আৰম্ভ কৰিছে৷ এই লক্ষ্যৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ উপস্থিতিত ১৪ এপ্রিলত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত একেলগে নাচিব ১১,১৪০গৰাকী বিহুৱতী–ঢুলীয়াই৷ আজি জনতা ভৱনত এক সংবাদ মেল অনুষ্ঠিত কৰি বিহুক গীনিজ বুক অৱ ৱর্ল্ড ৰেকর্ডছত অন্তর্ভুক্ত কৰাৰ লক্ষ্যৰে আৰম্ভ কৰা এই প্রস্তুতিৰ বিষয়ে বিস্তৃতভাৱে সদৰী কৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ ফাগুনৰ পৰাই আৰম্ভ কৰা বিহুৰ এই উন্মাদনাক অধিক আকর্ষিত তথা বিশ্ববাসীক সবিশেষ বিহুৰ তথ্য দিয়াৰ লক্ষ্যৰে আৰম্ভ কৰা এই বিশাল আয়োজনৰ বাবে ইতিমধ্যে আৰম্ভ হৈছে আখৰা৷ মুখ্যমন্ত্রী ড০ শর্মাই এই সন্দর্ভত কয়– ৭০ শতাংশ নাচনী আৰু ৩০ শতাংশ ঢুলীয়াৰে উপস্থাপন হ’বলগা এই বিহুক গীনিজ ৱর্ল্ড ৰেকর্ডত অন্তর্ভুক্ত কৰাৰ ঐতিহাসিক ক্ষণটোত উপস্থিত থাকিব প্রধানমন্ত্রী নৰেন্দ্র মোদী৷ সেয়াই নহয়, অসমীয়াৰ স্বাভিমানক আন্তঃৰাষ্ট্রীয় পর্যায়ত তুলি ধৰাৰ এই প্রসায়ত সাক্ষী হ’বলৈ আমন্ত্রণ জনোৱা হ’ব দেশৰ সকলো ৰাজ্যৰ ৰাজ্যপাল–মুখ্যমন্ত্র্ লগতে জি–২০ৰ অন্তর্গত দেশসমূহৰ ৰাষ্ট্রদূত, দক্ষিণ–পূব এছিয়াৰ দেশসমূহৰ ৰাষ্ট্রদূতসকল আৰু ৰাষ্ট্রীয়–আন্তঃৰাষ্ট্রী সংবাদ প্রতিষ্ঠানক৷ উল্লেখ্য যে বিহুক গীনিজ বুক অৱ ৱর্ল্ড ৰেকর্ডত অন্তভুক্ত কৰাৰ লক্ষ্যৰে আয়োজন কৰা এই অনুষ্ঠানত সৰুসজাই ষ্টেডিয়ামত একেলগে নাচিব ৭,৭৯৮গৰাকী নাচনী আৰু ৩,৩৪২গৰাকী ঢুলীয়াই৷ ৱর্ল্ড লার্জেষ্ট বিহু ডেন্স ইন এ ছিংগল ভেন্যু শীর্ষক এই ঐতিহাসিক ক্ষণৰ পূর্বেই ইতিমধ্যে মহানগৰীৰ শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত আৰম্ভ হৈছে প্রশিক্ষণ৷ ইতিমধ্যে ১৪ এপ্রিলৰ দিনা ৰেকর্ড কৰাৰ লক্ষ্যৰে উপস্থাপন হ’বলগা বিহুৰ এটা ভিডি’ গীনিজ বুক অৱ ৱর্ল্ড ৰেকর্ডছলৈ প্রেৰণ কৰা হৈছে৷ উক্ত ভিডি’ৰ বিহু নৃত্যক অনুমোদন জনাইছে গীনিজ বুক অৱ ৱর্ল্ড ৰেকর্ডছে৷ মুখ্যমন্ত্রীয়ে এই প্রসংগত জানিবলৈ দি কয় যে বিভিন্ন জিলাৰ পৰা নির্বাচিত হোৱা ৪০০ মাষ্টাৰ–প্রশিক্ষকে ইতিমধ্যে শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত প্রশিক্ষণ লোৱা আৰম্ভ কৰিছে৷ তেওঁলোকে নিজ নিজ জিলালৈ গৈ এই অনুষ্ঠানত অংশ লোৱাৰ বাবে নির্বাচিত বিহুৱা–বিহুৱতীক প্রশিক্ষণ প্রদান কৰিব৷ এই অনুষ্ঠানত অংশগ্রহণৰ বাবে বিহুৱা–বিহুৱতীসকল্ ১৫ বছৰৰ পৰা ৩৫ বছৰ বয়সৰ হ’ব লাগিব৷ মাষ্টাৰ–প্রশিক্ষকস নিজ নিজ জিলাৰ নির্বাচিত বিহুৱতীসকলক ২৭ মার্চৰ পৰা ১ এপ্রিললৈ প্রশিক্ষণ দিব৷ প্রশিক্ষণৰ পাছত ৮ এপ্রিলত তেওঁলোক গুৱাহাটীলৈ আহিব আৰু ৯ এপ্রিলৰ পৰা ১২ এপ্রিললৈ গুৱাহাটীত ড্রেছ ৰিহার্চেল হ’ব৷ গুৱাহাটীত চলা আখৰাৰ সময়ছোৱাত তেওঁলোকক ৰখাৰ ব্যৱস্থা কৰিব ৰাজ্য চৰকাৰে৷ ১৩ এপ্রিলত জিৰণি আৰু ১৪ এপ্রিলৰ দিনা গীনিজ ৰেকর্ডৰ বাবে অনুষ্ঠান পৰিৱেশন কৰিব৷ ২৭ মার্চৰ পৰা ১ এপ্রিললৈ প্রশিক্ষণ লোৱাৰ সময়ত বিহুৱতীসকলক যাতায়াতৰ বাবে ৩০০ টকাকৈ দিয়া হ’ব৷ আনহাতে, তেওঁলোকৰ সাজ–পোছাক আৰু অন্যান্য খৰচৰ বাবে মুঠ ১০,৫০০ টকাকৈ প্রতিজনকে বেংক একাউণ্টৰ যোগেৰে আদায় কৰা হ’ব৷ মুখ্যমন্ত্রীয়ে এই অনুষ্ঠানত অধিক তথ্য সদৰী কৰি কয় যে ইয়াৰ বাবে এটা প’র্টেল মুকলি কৰা হ’ব আৰু জিলা উপায়ুক্তসকলে বিহুৱা–বিহুৱতীসকল্ নাম এই প’র্টেলত অন্তর্ভুক্ত কৰিব৷ প্রতি জিলাৰ পৰা ভাল বিহু নচা নাচনীক উপায়ুক্তসকলে চিনাক্ত কৰিব৷ ইয়াৰ বাবে ভাল বিহু নচা বিহুৱতীসকলে জিলা উপায়ুক্তৰ সৈতে যোগাযোগ কৰিব পাৰিব৷ জিলা উপায়ুক্তই এনে সমগ্র প্রক্রিয়া আগুৱাই নিয়াৰ বাবে ইতিমধ্যে গঠন কৰিছে পৰামর্শদাতা কমিটী৷ মুখ্যমন্ত্রীয়ে আজি ১৪ এপ্রিলৰ দিনটোত গুৱাহাটীত বিহুৰ কার্যসূচীসমূহ কিছু বিলম্বলৈ অনুষ্ঠিত কৰাৰ বাবেও আহ্বান জনায়৷ ইফালে, ঐতিহাসিক এই ক্ষণটোত উপস্থিত থকাৰ বাবে ৰাজ্যপাল–মুখ্যমন্ত্র্ নিমন্ত্রণ জনাবলৈ ইতিমধ্যে মন্ত্রীসকলক দায়িত্ব অর্পণৰ কথাও আজি মুখ্যমন্ত্রীয়ে জানিবলৈ দিয়ে৷ মন্ত্রী ৰঞ্জিত দাসক কেৰালা আৰু লাক্ষাদ্বীপ, অতুল বৰাক বিহাৰ আৰু মিজোৰাম, ইউ জি ব্রহ্মক মণিপুৰ, চন্দ্রমোহন পাটোৱাৰীক অন্ধ্রপ্রদেশ, তেলেংগানা, পৰিমল শুক্লবৈদ্যক দিল্লী, কেশৱ মহন্তক ঝাৰখণ্ড, জম্মু–কাশ্মীৰ, লাডাখ, ডাঃ ৰণোজ পেগুক তামিলনাডু, আন্দামান–নিকোবৰ, পুডুচেৰী, অশোক সিংহলক গোৱা, কর্ণাটক, মহাৰাষ্ট্র, যোগেন মহনক মেঘালয়, সঞ্জয় কিষাণক ত্রিপুৰা, অজন্তা নেওগক ওড়িশা, পশ্চিমবংগ, পীয়ূষ হাজৰিকাক দাদৰা নগৰ হাভেলী, গুজৰাট, ৰাজস্থান, বিমল বৰাক ছত্তিশগড়, মধ্যপ্রদেশ, নন্দিতা গার্লোছাক অৰুণাচল, নাগালেণ্ড, ছিকিম আৰু জয়ন্ত মল্ল বৰুৱাক হাৰিয়ানা, হিমাচল, উত্তৰাখণ্ড, পঞ্জাব আৰু চণ্ডীগড়ৰ মুখ্যমন্ত্রী–ৰাজ্যপাল্ নিমন্ত্রণৰ দায়িত্ব দিয়া হৈছে৷ ২০ মার্চৰ পৰা ৩০ মার্চৰ ভিতৰত মন্ত্রীসকলে এই নিমন্ত্রণ সম্পূর্ণ কৰিব৷ ইফালে, ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা বিহুৱতী–ঢুলীয়াসকল্ যোগদানৰ বাবে যোগাযোগ কৰাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রীয়ে জানিবলৈ দি কয় যে ডিব্রুগড়ৰ পৰা ১৪০০, তিনিচুকীয়াৰ পৰা ৫০০, শিৱসাগৰৰ পৰা ৮০০, চৰাইদেউৰ পৰা ৪০০, যোৰহাটৰ পৰা ৮০০, ধেমাজিৰ পৰা ৪০০, লখিমপুৰৰ পৰা ৭০০, কার্বি আলংঙৰ পৰা ৭০, পশ্চিম কার্বি আংলঙৰ পৰা ৫০, ডিমা হাছাওৰ পৰা ৫০, ধুবুৰীৰ পৰা ৫০, বঙাইগাঁৱৰ পৰা ১০০, মাজুলীৰ পৰা ২০০, কোকৰাঝাৰৰ পৰা ১০০, দক্ষিণ শালমাৰাৰ পৰা ২০, বৰপেটাৰ পৰা ১০০, কামৰূপ মহানগৰৰ পৰা ৮০০, নলবাৰীৰ পৰা ৩০০, কামৰূপৰ পৰা ৬০০, মৰিগাঁৱৰ পৰা ২০০, নগাঁৱৰ পৰা ৭৫০, গোলাঘাটৰ পৰা ১০০০, গোৱালপাৰাৰ পৰা ২০০, দৰঙৰ পৰা ২০০, শোণিতপুৰৰ পৰা ১১০০, কাছাৰৰ পৰা ২০, কৰিমগঞ্জৰ পৰা ২০, হাইলাকান্দিৰ পৰা ২০, ওদালগুৰিৰ পৰা ১০০, বাক্সাৰ পৰা ৫০ আৰু চিৰাঙৰ পৰা ৪০গৰাকীয়ে এই অনুষ্ঠানৰ বাবে নির্দিষ্ট হৈছে৷ উল্লেখ্য যে এই অনুষ্ঠানৰ সাক্ষী হ’বলৈ ইতিমধ্যে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে সন্মতি প্রকাশ কৰাৰ পাছত উক্তদিনা প্রধানমন্ত্রীগৰাকীৰ্ উপস্থিতিত আন এলানি কার্যসূচী সম্পন্ন কৰাৰো প্রস্তুতি চলাইছে ৰাজ্য চৰকাৰে৷ মুখ্যমন্ত্রীয়ে জানিবলৈ দিয়া অনুসৰি প্রধানমন্ত্রীগৰাকীৰ্ উপস্থিতিত ১৪ এপ্রিলৰ দিনা চাংসাৰিত সাজু হৈ উঠা এইম্ছৰ আনুষ্ঠানিক মুকলিৰ লগতে পলাশবাৰী–শুৱালকুছ্ সংযোগী ব্রহ্মপুত্রৰ ওপৰত নির্মাণ হ’বলগীয়া চাৰি হাজাৰ কোটি টকীয়া দলঙৰ আধাৰশিলা স্থাপনৰো পৰিকল্পনা কৰা হৈছে৷