নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাইলৈ কামৰূপত পিএম-কিষাণ সন্মিলন

🔹 কাঁহিকুছি কেভিকেত অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে 

বিশেষ বাৰ্তা, ১৭ জুন : পিএম-কিষাণ (PMKisan) আঁচনিৰ হিতাধিকাৰী কৃষকলৈ কাইলৈ ১৭নং কিস্তিৰ ধন প্ৰদান কৰা হ’ব। উত্তৰ প্ৰদেশৰ বাৰাণসীত অনুষ্ঠিত “পিএম-কিষাণ সন্মিলন” অনুষ্ঠানৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ কৃষক ৰাইজলৈ এই ধন প্ৰদান কৰিব। ৰাজ্যৰ বিভিন্ন জিলাৰ দৰে কামৰূপ আৰু কামৰূপ মহানগৰ জিলাৰ প্ৰতিটো কৃষি উন্নয়ন চক্ৰক সামৰি ব্লক পৰ্যায়ত একোখনকৈ আৰু VNOসকলৰ সহযোগত বিভিন্ন গাঁও পঞ্চায়ত, নিকটৱৰ্তী CSCৰ লগতে বিভিন্ন ৰাজহুৱা স্থানত এই অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰৰ ব্যৱস্থা কৰা হৈছে। কেন্দ্ৰীয়ভাৱে কামৰূপ জিলাৰ কাঁহিকুছি কৃষি বিজ্ঞান কেন্দ্ৰত প্ৰধানমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে হিতাধিকাৰী কৃষক ৰাইজলৈ অনুদান বিতৰণ অনুষ্ঠানৰ “Live Webcast” প্ৰদৰ্শন বিয়লি ৪ বজাৰ পৰা আয়োজন কৰা হৈছে। কাঁহিকুছিৰ অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰিব। আনহাতে, অসম কৃষি সঞ্চালকালয়ৰ তৰফৰ পৰা গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠানত কৃষিমন্ত্ৰী অতুল বৰাই অংশগ্ৰহণ কৰিব। ইয়াত কামৰূপ মেট্ৰ’ৰ পৰা দুই শতাধিক কৃষক সমৱেত হ’ব। প্ৰতিগৰাকী কৃষককে নিকটৱৰ্তী স্থানত আয়োজিত উক্ত অনুষ্ঠানত উপস্থিত থাকি অনুষ্ঠানটো সাফল্যমণ্ডিত কৰিবলৈ দুয়োখন জিলা কৃষি বিভাগৰ তৰফৰ পৰা আহ্বান জনোৱা হৈছে।

You might also like