বিশেষ বাৰ্তা, ৪ ফেব্ৰুৱাৰীঃ চন্দ্ৰপুৰত এখন অত্যাধুনিক ষ্টেডিয়াম নিৰ্মাণ কৰিব ৰাজ্য চৰকাৰে। ৩০০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰিবলগীয়া এই ষ্টেডিয়ামৰ আজি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আধাৰশিলা স্থাপন কৰে। খানাপাৰাৰ পৰাই মুঠ ১১৫৯৯ কোটি টকাৰ কেবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্পৰ লগতে চন্দ্ৰপুৰ ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন কৰাত একপ্ৰকাৰ উৎফুল্লিত হৈ পৰিছে বৃহত্তৰ চন্দ্ৰপুৰবাসী। উল্লেখ্য যে চন্দ্ৰপুৰত এখন অত্যাধুনিক এথলেটিক্ ষ্টেডিয়াম নিৰ্মাণ কৰা হ’ব বুলি স্বয়ং মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এবছৰ পূৰ্বে ঘোষণা কৰাৰ উপৰি কেবিনেট সিদ্ধান্ত গ্ৰহণ কৰিছিল ৰাজ্য চৰকাৰে। তাৰ পিছত কোনো ধৰণৰ কাৰ্য্যপন্থা বা আনুষ্ঠানিকতা কৰা নাছিল। এই সম্পৰ্কত অঞ্চলবাসী আনুষ্ঠানিকতাৰ অপেক্ষাত থকাৰ পাছত আজি আধাৰশিলা স্থাপন কৰাত সন্তুষ্টি প্ৰকাশ কৰিছে সমগ্ৰ চন্দ্ৰপুৰবাসীয়ে। এইক্ষেত্ৰত অঞ্চলটোৰ এগৰাকী ক্ৰীড়া সংগঠক ধীৰেন চন্দ্ৰ বসুমতাৰীয়ে কয় যে অঞ্চলটোত বহু প্ৰতিভাসম্পন্ন খেলুৱৈ আছে যদিও উপযুক্ত আন্তঃগাথঁনিৰ অভাৱত বিকশিত হ’ব পৰা নাই। প্ৰস্তাৱিত এই ষ্টেডিয়ামখনে সেই অভাৱ দূৰ কৰিব বুলি আশা কৰাৰ লগতে শীঘ্ৰে ইয়াক নিৰ্মাণৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে ৰাজ্য চৰকাৰক। একেদৰে এগৰাকী প্ৰাক্তন ফুটবল খেলুৱৈ কমলেশ্বৰ কলিতাই ক্ৰীড়াৰ ক্ষেত্ৰত দীৰ্ঘ দিনে অৱহেলিত হৈ চন্দ্ৰপুৰত এখন অত্যাধুনিক ষ্টেডিয়াম নিৰ্মাণৰ পৰিকল্পনাক আদৰণী জনায়। উল্লেখ্য যে চন্দ্ৰপুৰ তাপ বিদ্যুৎ প্ৰকল্পৰ পৰিত্যক্ত ভুমিত প্ৰস্তাৱিত ষ্টেডিয়ামখন নিৰ্মাণ কৰিব চৰকাৰে।
প্ৰেৰক বিভাষ দাস