নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম চৰকাৰক প্রশংসা প্রধানমন্ত্রীৰ

মোদীৰ ‘মন কী বাত’ত কাজিৰঙাৰ গঁড় সুৰক্ষাৰ প্রসংগ

নিয়মীয়া বাৰ্তা ৩১ জানুৱাৰীঃ অতি জনপ্রিয় ৰেডি’ৰ কার্যসূচী ‘মন কী বাত’ৰ দেওবাৰৰ সংস্কৰণত অমৃত মহোৎসৱৰ পৰা অসমসহ উত্তৰ–পূর্বাঞ্চলৰ বিভিন্ন বিষয়ে উত্থাপন কৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ ২০২২ বর্ষৰ প্রথম ‘মন কী বাত’ত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে নিষ্ঠা প্রয়াসেৰে সফলতা লাভ কৰাৰ উদাহৰণ হিচাপে অসমৰ গঁড় হত্যা ৰোধৰ বিষয়টো উত্থাপন কৰে৷ বিশ্ব প্রসিদ্ধ কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ প্রসংগত প্রধানমন্ত্রী মোদীয়ে ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকাৰ কালজয়ী গীত এটাৰ মর্মার্থ ব্যাখ্যা কৰে৷ বহুচর্চিত ‘মন কী বাত’ত প্রধানমন্ত্রী মোদীয়ে কয়– মৰমৰ দেশবাসী, যেতিয়াই নিষ্ঠা প্রয়াসেৰে কাম কৰা হয়, তেতিয়াই সুফল পোৱা যায়৷ অসমত ইয়াৰ এক বিৰল উদাহৰণ আছে৷ অসমৰ নাম ল’লেই চাহ বাগিচা আৰু অনেক ৰাষ্ট্রীয় উদ্যান মনলৈ আহে৷ ইয়াৰ ভিতৰত এশিঙীয়া গঁড়ৰ ছবি৷ অর্থাৎ এশিঙীয়া গঁড় আমাৰ মনত ভাহি উঠে৷ আপোনালোক সকলোৱে জানে যে এশিঙীয়া গঁড় সদায়েই অসমীয়া সংস্কৃতিৰ অংশ হৈ আহিছে৷ প্রত্যেকৰে কাণত ভাৰত ৰত্ন ভূপেন হাজৰিকাৰ গান এটা বাজি উঠে৷ বন্ধুসকল, এই গীতটোৰ অর্থ অতি সু–সংগত৷ গীতটোত কোৱা হৈছে কাজিৰঙাৰ চাৰিওফালে ভৰি থকা সেউজ ঘাঁহনিৰ পৰিৱেশ, হাতী আৰু বাঘৰ বসতিস্থল, এশিঙীয়া গঁড় পৃথিৱীয়ে দেখে, পক্ষীৰ মধুৰ কলৰব শুনে৷ অসমৰ মহিলাই হাতেবোৱা বিশ্ব প্রসিদ্ধ মুগা আৰু এৰী পোছাকত এই গঁড়ৰ ছবি শুৱনি হয়৷ অসমৰ সংস্কৃতিত মহিমামণ্ডিত হয় গঁড়৷ কিন্তু এই গঁড় সংকটত আৰু কঠিন প্রত্যাহ্বানৰ সন্মুখীন হৈছিল৷ ২০১৩ চনত ৩৭টা গঁড় আৰু ২০১৪ চনত ৩২টা গঁড় চোৰাং চিকাৰীৰ হাতত নিধন হৈছিল৷

এই প্রত্যাহ্বানক মোকামিলা কৰিবলৈ বিগত ৭ বছৰ ধৰি গঁড় নিধনকাৰীৰ বিৰুদ্ধে বিশাল অভিযান বিশেষকৈ অসম চৰকাৰে গ্রহণ কৰিছে৷ বিগত বর্ষৰ ২ ছেপ্ঢেম্বৰত বিশ্ব গঁড় দিৱস উপলক্ষে চোৰাং চিকাৰীৰ পৰা জব্দ কৰা ২,৪০০তকৈও অধিক খড়গ জ্বলাই দিয়া হৈছে৷ ইয়ে চোৰাং চিকাৰীলৈ কঠোৰ বার্তা প্রেৰণ কৰিছিল৷ এনে পদক্ষেপৰ বাবে অসমত গঁড়ৰ নিধন লাহে লাহে হ্রাস পাইছে৷ য’ত ২০১৩ চনত ৩৭টা গঁড় নিধন হৈছিল, তাত ২০২০ চনত দুটা আৰু ২০২১ চনত মাত্র এটা গঁড় নিধন হৈছে৷ গঁড় ৰক্ষাৰ বাবে অসমবাসীৰ এই প্রয়াসক মই প্রশংসা কৰিছোঁ৷ ইপিনে, প্রধানমন্ত্রী মোদীয়ে ‘মন কী বাত’ত অসমৰ জনতাই চোৰাং চিকাৰৰ বিৰুদ্ধে চলোৱা পদক্ষেপক স্বীকৃতি প্রদান কৰাৰ লগতে সুধাকণ্ঠ ভূপেন হাজৰিকাৰ কাজিৰঙা গীতটো পৰিৱেশন কৰোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ অসমৰ প্রতি প্রধানমন্ত্রী মোদীৰ স্নেহ প্রদর্শন কৰাৰ বাবে আদৰণীয় প্রধানমন্ত্রী মোদীক ধন্যবাদ জনায় মুখ্যমন্ত্রীগৰাকীয়ে৷
গুৱাহাটীৰ ছাত্রী ৰিধিমা স্বর্গীয়াৰীৰ পোষ্ট কার্ডৰ প্রশংসা মোদীৰ
অমৃত মহোৎসৱৰ সৈতে সংগতি ৰাখি ‘মন কী বাত’লৈ প্রধানমন্ত্রীলৈ পৰামর্শ আগবঢ়োৱা দেশৰ ১ কোটিতকৈ অধিক শিশুৰ পোষ্ট কার্ডৰ ভিতৰত অসমৰ গুৱাহাটীৰ ৰিধিমা স্বর্গীয়াৰীৰ পোষ্ট কার্ড পঢ়ি শুনায় প্রধানমন্ত্রী মোদীয়ে৷ গুৱাহাটীৰ সপ্তম শ্রেণীৰ ছাত্রী ৰিধিমা স্বর্গীয়াৰীৰ পোষ্ট কার্ডৰ সন্নিৱিষ্ট বিষয় ভাল লগা বুলি উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে কয় যে ছাত্রীগৰাকীয়ে দেশৰ ১০০সংখ্যক স্বাধীনতা দিৱসত ভাৰতক বিশ্বৰ সবাতোকৈ পৰিচ্ছন্ন দেশ হিচাপে বিচাৰে৷ সম্পূর্ণকৈ সন্ত্রাসমুক্ত দেশ হিচাপে বিচৰাৰ লগতে ১০০ শতাংশ সাক্ষৰতা, দুর্ঘটনাশূন্য দেশ আৰু বহনক্ষম প্রযুক্তিৰে সক্ষম খাদ্য সুৰক্ষা সুৰক্ষিত দেশ হিচাপে বিচাৰে৷ ছাত্রীগৰাকীৰ এই চিন্তাক ভূয়সী প্রশংসা কৰি প্রধানমন্ত্রী মোদীয়ে কয় যে দেশৰ প্রতিগৰাকীয়ে একেলগে আগবাঢ়ি আহিলে দেশক লৈ তেওঁ যি স্বপ্ণ দেখিছে, সেয়া বাস্তৱত পৰিণত হ’ব৷ লক্ষ্য লৈ যদি যুৱ প্রজন্মই ঐক্যবদ্ধভাৱে কাম কৰি আগবাঢ়ে, তেতিয়াহ’লে ছাত্রীগৰাকীয়ে বিচৰা ভাৰতখন তেওঁ নিশ্চয় পাব৷ অসমৰ ছাত্রীগৰাকীৰ উপৰি প্রধানমন্ত্রী মোদীয়ে দেশৰ লগতে বিদেশৰ পৰা অহা শিক্ষার্থীৰ পোষ্ট কার্ডৰ বিষয়ো কার্যসূচীত ব্যাখ্যা কৰে৷

You might also like