ৰাজনৈতিকভাৱে অসম–মিজোৰামৰ সীমা বিবাদ নিষ্পত্তি কৰাত গুৰুত্ব মোদীৰ
অমিত শ্বাহৰ পৰা সীমান্তৰ হিংসাত্মক ঘটনাৰ বুজ ল’লে প্রধানমন্ত্রীয়ে
নিয়মীয়া বাৰ্তা ২৯ জুলাইঃ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ পৰা অসম–মিজোৰাম সীমান্তৰ শেহতীয়া হিংসাত্মক ঘটনাৰ বুজ ল’লে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ বিৰোধীৰ হুলস্থূলত সংসদৰ কাম–কাজ বিঘ্ণিত হৈ থকাৰ সময়তেই বুধবাৰে প্রধানমন্ত্রী মোদীয়ে সংসদ ভৱনত থকা তেওঁৰ কার্যালয়লৈ কেন্দ্রীয় গৃহমন্ত্রী শ্বাহক তলব কৰে৷ সোমবাৰে অসম–মিজোৰাম সীমান্তত দৰাচলতে কি ঘটিছিল, সেই সন্দর্ভত কেন্দ্রীয় গৃহমন্ত্রী শ্বাহৰ পৰা তথ্য বিচাৰে প্রধানমন্ত্রী মোদীয়ে৷
জানিব পৰা মতে, কেন্দ্রীয় গৃহমন্ত্রীজনে যোৱা দুই দিনত অসম আৰু মিজোৰামৰ মুখ্যমন্ত্রী ক্রমে ড০ হিমন্ত বিশ্ব শর্মা আৰু জোৰামথাংগাৰ সৈতে টেলিফোনত হোৱা আলোচনা প্রধানমন্ত্রী মোদীক অৱগত কৰে৷ তদুপৰি দুয়োখন ৰাজ্যৰ মুখ্য সচিব আৰু আৰক্ষীপ্রধানক লৈ কেন্দ্রীয় গৃহ সচিব আজয় কুমাৰ ভাল্লাই আজি বৈঠকত মিলিত হোৱাৰ কথাও প্রধানমন্ত্রী মোদীক জনায় কেন্দ্রীয় গৃহমন্ত্রী শ্বাহে৷ প্রধানমন্ত্রী মোদীয়ে ৰাজনৈতিক পর্যায়ত অসম–মিজোৰামৰ সীমা বিবাদ নিষ্পত্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰা বুলি চৰকাৰী সূত্রত জানিব পৰা গৈছে৷ লক্ষণীয়ভাৱে কেন্দ্রীয় গৃহমন্ত্রী শ্বাহৰ পৰা অসম–মিজোৰামৰ সীমা সংঘাতৰ বুজ লোৱাৰ সময়ত কেন্দ্রীয় সংসদীয় পৰিক্রমা মন্ত্রী প্রহ্লাদ যোশীও উপস্থিত থাকে৷
মন কৰিবলগীয়া যে পেগাছাছ চোৰাংচোৱা কাণ্ড, বিতর্কিত কৃষি আইনৰ লগতে অসম–মিজোৰাম সীমান্তৰ শেহতীয়া হিংসাত্মক ঘটনাক সন্মুখত ৰাখি বিৰোধীয়ে আজি পুনৰ সংসদৰ উভয় কক্ষ উত্তাল কৰি তোলে৷ ৰাজ্যসভাত কংগ্রেছ সাংসদ ৰিপুণ বৰাই সদনৰ ২৬৭সংখ্যক অধিনিয়মৰ অধীনত সদনৰ কাম–কাজ স্থগিত ৰাখি অসম–মিজোৰাম সীমান্তৰ হিংসাত্মক ঘটনাক লৈ পূর্ণাংগ আলোচনাৰ বাবে ৰাজ্যসভাৰ মহাসচিবলৈ বুধবাৰে পুৱাৰ ভাগত জাননী জাৰি কৰিছিল৷ পিছে বিভিন্ন ইছ্যুত বিৰোধীয়ে ঐকমত্যত উপনীত নোহোৱা বাবে ৰাজ্যসভাৰ কাম–কাজ বাৰম্বাৰ বিঘ্ণিত হোৱাৰ পাছত অৱশেষত সমগ্র দিনটোৰ বাবে সদন স্থগিত ৰখা হয়৷ সাংসদ বৰাই লগতে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহক এখন পত্রযোগে অসম–মিজোৰাম সীমান্তৰ শেহতীয়া পৰিস্থিতিক লৈ সর্বদলীয় বৈঠকৰ দাবী জনায়৷ অসম আৰু মিজোৰামৰ মুখ্যমন্ত্রীৰ উপস্থিতিত উত্তৰ–পূর্বাঞ্চলৰ সকলো ৰাজনৈতিক দলৰ প্রতিনিধিক উক্ত সর্বদলীয় বৈঠকত আমন্ত্রণ জনোৱাৰ দাবীত সৰৱ হৈ উঠে সাংসদ বৰাই৷
লক্ষণীয়ভাৱে প্রধানমন্ত্রী মোদীয়ে কেন্দ্রীয় গৃহমন্ত্রী শ্বাহৰ পৰা অসম–মিজোৰাম সীমান্তৰ শেহতীয়া পৰিস্থিতিৰ বুজ লৈ থকাৰ সময়ত সমান্তৰালকৈ সংসদ ভৱনত থকা ৰাজ্যসভাৰ বিৰোধী দলৰ নেতা মল্লিকার্জুন খার্গেৰ কার্যালয়ত দেশৰ ১৪টা বিৰোধী দলৰ প্রতিনিধিয়েও এখন বৈঠকত মিলিত হয়৷ বৈঠকত অসম–মিজোৰাম সীমান্তৰ শেহতীয়া হিংসাত্মক ঘটনাৰ লগতে পেগাছাছ চোৰাংচোৱা কাণ্ডক লৈ চৰকাৰক কেনেকৈ উভতি ধৰিব পাৰি, তাক লৈ ৰণনীতি তৈয়াৰ কৰা হয়৷ বিৰোধীয়ে উত্থাপন কৰি অহা বিষয়সমূহৰ ওপৰত যাতে সংসদৰ উভয় কক্ষত আলোচনাৰ বাবে চৰকাৰক বাধ্য কৰিব পাৰি, তাক লৈ বিস্তাৰিতভাৱে আলোচনাত অংশগ্রহণ কৰে কংগ্রেছৰ উপৰি ডি এম কে, এন চি পি, চি পি আই (এম), চি পি আই, আৰ জে ডি, সমাজবাদী পার্টী, নেচনেল কনফাৰেঞ্চ, আম আদমী পার্টী, আই ইউ এম এল, আৰ এছ পি, কে চি এম আৰু ভি চি কেৰ প্রতিনিধিসকলে৷ লক্ষণীয়ভাৱে বৈঠকত কংগ্রেছৰ সাংসদ ৰাহুল গান্ধীয়েও অংশগ্রহণ কৰে৷ অৱশ্যে বিৰোধীৰ এই বৈঠকত পশ্চিমবংগৰ শাসকীয় তৃণমূল কংগ্রেছৰ কোনো প্রতিনিধি উপস্থিত নাছিল৷ শেহতীয়াকৈ দিল্লীত বাহৰ পাতি থকা দলৰ নেত্রী তথা পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনার্জীৰ সৈতে সেই সময়ত দলৰ সাংসদসকলে আন এখন বৈঠকত অংশ লোৱাৰ বাবেই তৃণমূল কংগ্রেছে বিৰোধীৰ সন্মিলীত বৈঠকত ভাগ ল’ব পৰা নাছিল বুলি খার্গেৰ কার্যালয়ে পাছত সংবাদ মাধ্যমক জানিবলৈ দিয়ে৷