বিশেষ বাৰ্তা, ২ ডিচেম্বৰঃ অহা বছৰ ফেব্ৰুৱাৰী মাহত গুৱাহাটীত অনুষ্ঠিত হবলগীয়া অসম বিনিয়োগ আৰু আন্তগাঁথনি সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আমন্ত্ৰণমৰ্মে প্ৰধানমন্ত্ৰীয়ে উক্ত সন্মিলনত যোগাদানৰ বাবে আজি সন্মতি প্ৰদান কৰে। উল্লেখ্য যে ২৪ আৰু ২৫ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হবলগীয়া অসম বিনিয়োগ আৰু আন্তগাঁথনি সন্মিলনৰ উপৰি অসমৰ চাহ জনগোষ্ঠীয় লোকসকলৰ লোকনৃত্য মেগা ঝুমুৰ প্ৰদৰ্শনীত আমন্ত্ৰণ জনাবলৈ মুখ্যমন্ত্ৰীয়ে আজি সংসদ ভৱনস্থিত প্ৰধানমন্ত্ৰীৰ কাৰ্যলায়ত মোদীক সাক্ষাত কৰে। সাক্ষাতকালত মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ উন্নয়নমূলক কামকাজৰ এক খতিয়ানো দাঙি ধৰে প্ৰধানমন্ত্ৰীৰ ওচৰত। ‘আজি নতুন দিল্লীত আদৰণীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা উন্নয়নমূলক বিভিন্ন বিষয়ত দিহা-পৰামৰ্শ গ্ৰহণ কৰাৰ সৌভাগ্য লাভ কৰিলোঁ। অসমবাসীৰ হৈ ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত অসম বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন আৰু মেগা ঝুমুৰৰ প্ৰদৰ্শনীত আশীষ দিবলৈ আমন্ত্ৰণ জনাইছোঁ তথা তেওঁ এই আমন্ত্ৰণ স্বীকাৰ কৰে।’- এক্সযোগে মুখ্য়মন্ত্ৰী ডঃ শৰ্মাই এই কথা অৱগত কৰে। উল্লেখ্য যে তিনিদিনীয়া কাৰ্যসূচীৰে মুখ্যমন্ত্ৰীয়ে দিল্লী ভ্ৰমণত আছে।
প্ৰেৰক কল্লোল ভৌমিক