ড০ শর্মা চৰকাৰৰ গঁড় সুৰক্ষাৰ পদক্ষেপঃ টীম অসমক প্রশংসা প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ
নিয়মীয়া বাৰ্তা ২৪ ছেপ্টেম্বৰঃ এশিঙীয়া গঁড় সুৰক্ষাৰ ক্ষেত্রত গ্রহণ কৰা ‘টীম অসম’ক প্রশংসা কৰিছে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ কালি বিশ্ব গঁড় দিৱসৰ দিনাই খড়গ সম্পর্কীয় ভ্রান্ত ধাৰণা নির্মূলকৰণৰ লগতে ইয়াৰ ঔষধি মূল্যক লৈ থকা অন্ধবিশ্বাস দূৰ কৰাৰ লক্ষ্যৰে বোকাখাতত ২,৪৭৯টা খড়গ ৰাজহুৱাকৈ দাহন কৰাৰ পাছত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কৰা এটা টুইটৰ উত্তৰত বৃহস্পতিবাৰে প্রধানমন্ত্রী মোদীয়ে কয়– ‘টীম অসমৰ প্রশংসনীয় পদক্ষেপ৷ এশিঙীয়া গঁড় ভাৰতৰ গৌৰৱ আৰু ইয়াৰ সুৰক্ষাৰ ক্ষেত্রত সকলোধৰণৰ ব্যৱস্থা গ্রহণ কৰা হ’ব৷’
উল্লেখ্য যে ৰাজ্য চৰকাৰৰ যোৱা ১৬ ছেপ্টেম্বৰত অনুষ্ঠিত কেবিনেট বৈঠকৰ সিদ্ধান্তমর্মে সাতটা কোষাগাৰত জমা থকা মুঠ ২,৬২৩টা খড়গৰ ভিতৰত কালি ২,৪৭৯টা দাহন কৰা হৈছিল৷ মুখ্যমন্ত্রী ড০ শর্মাই ড্র’নৰ দ্বাৰা শুভাৰম্ভ কৰা এই দাহন পর্বৰ জৰিয়তে গঁড়ৰ চোৰাং চিকাৰ আৰু খড়গৰ চোৰাং বেহাৰ বিৰুদ্ধেও এক শক্তিশালী বার্তা প্রদান কৰা হৈছে৷
ৰাজহুৱাভাৱে খড়গ দাহনৰ বাতৰিয়ে ৰাষ্ট্রীয় সংবাদ মাধ্যমত গুৰুত্ব সহকাৰে প্রকাশ পোৱাৰ সমান্তৰালভাৱে বিভিন্নজনে ড০ শর্মা চৰকাৰৰ এই পদক্ষেপক উচ্চ প্রশংসা কৰিছে৷
মন কৰিবলগীয়া যে আকাৰ আৰু অৱয়ৱৰ ওপৰত ভিত্তি কৰি ৯৪টা খড়গ কাজিৰঙা ৰাষ্ট্রীয় উদ্যানত স্থাপন কৰিবলগীয়া এটা সংগ্রহালয়ত সংৰক্ষণ কৰা হ’ব বুলি ইতিমধ্যে ঘোষণা কৰিছে মুখ্যমন্ত্রী ড০ শর্মাই৷
তদুপৰি তেওঁ প্রকাশ কৰা মতে আদালতত বিচাৰাধীন গোচৰৰ পৰিপ্রেক্ষিতত আন ২৯টা খড়গ সুকীয়াকৈ ৰখা হ’ব৷ গঁড় সুৰক্ষাৰ বাবে ৰাজ্য চৰকাৰে লোৱা এনে পদক্ষেপক প্রধানমন্ত্রীয়ে প্রশংসা কৰাটো গুৰুত্বপূর্ণ ৰূপে বিবেচিত হৈছে৷