নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৰিমগঞ্জত প্ৰধানমন্ত্ৰীৰ মন কী বাতত অংশগ্ৰহণ ৰঞ্জিত ভট্টাচাৰ্যৰ

বিশেষ বাৰ্তা, ২৮ মেঃ আজি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১০১সংখ্যক মন কী বাত অনুষ্ঠান সম্বোধন কৰে। দেশবাসীয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে। দেশৰ লগতে ৰাজ্যতো এই অনুষ্ঠানত সকলোৱে ভাগ লয়। ৰাজ্যৰ মন্ত্ৰী-বিধায়কৰ লগতে সকলো শ্ৰেণীৰ লোকে মন কী বাত উপভোগ কৰে। সেই মৰ্মে আজি বিজেপিৰ কৃষক মৰ্চাৰ উদ্যোগত ১০১সংখ্যক প্ৰধানমন্ত্ৰীৰ মন কী বাত ১১২নং বুথত পাথাৰকান্দি সমষ্টিৰ অন্তৰ্গত কৰিমগঞ্জত অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰে বিজেপিৰ কৃষক মৰ্চাৰ উপ-সভাপতি ৰঞ্জিত ভট্টাচাৰ্যই। তেওঁ অনুষ্ঠানত অংশগ্ৰহণ কৰি উপস্থিত সকলোকে সম্ভাষণ জনোৱাৰ লগতে ধন্যবাদ জ্ঞাপন কৰে। উল্লেখ্য যে মন কী বাত অনুষ্ঠানত পাথাৰকান্দিৰ বিধায়ক কৃষ্ণেন্দু পাল, কৃষক মৰ্চাৰ ৰাজ্যিক সভাপতি দেৱজিৎ বৰা, উপ-সভাপতি ভাস্কৰজ্যোতি দাস, নিবাৰণ লহকৰ, পূৰবী শৰ্মা, সাধাৰণ সম্পাদকদ্বয় ইন্দ্ৰাণী তহবিলদাৰ আৰু ব্যাকুল দে’, বিষয়ববীয়া ঈপ্সিতা বৰুৱা, সঞ্জীৱ বড়া, তৃষ্ণা শৰ্মা, অসমী বৰা, গৌতম দাস, অংকুৰ দত্ত, নিলাদ্ৰী গুপ্তা, হৃষীকেশ কলিতা, হৰদ্বীপ চৌধুৰী, উৎপল গোস্বামী, সুভ্ৰজিৎ কলিতা, পৱিত্ৰ শইকীয়া, দীনেশ দাস, প্ৰাণজ্যোতি শৰ্মা আদিয়ে অংশগ্ৰহণ কৰে।

You might also like