নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গড়ভঙা বনাঞ্চলত চোৰাং চিকাৰীৰ অবাধ বিচৰণ

নিয়মীয়া বাৰ্তা ডিজিটেল, ৩ মাৰ্চঃ গুৱাহাটী মহানগৰীৰ গাতে লাগি থকা অসম–মেঘালয় সীমান্তৱর্তী গডভঙা আৰু ৰাণী সংৰক্ষিত বনাঞ্চলৰ গভীৰ অৰণ্যত বনৰীয়া হাতী চিকাৰৰ বাবে মেঘালয়ৰ ফালৰ পৰা চোৰাং চিকাৰী দলৰ প্রৱেশ ঘটা বুলি সন্দেহ প্রকাশ কৰিছে সীমান্তত বাস কৰা অসমৰ একাংশ লোকে৷ সীমান্তৱর্তী অঞ্চলৰ একাংশ গাঁওবাসীয়ে জানিবলৈ দিয়া মতে, ৰাণীৰ পৰা প্রায় ১২ কিঃমিঃ দূৰত্বৰ দেওপাহাৰ বনাঞ্চলত চাৰি দিনমান পূর্বে মেঘালয়ৰ ফালৰ পৰা অহা প্রায় ১৮–২০জনীয়া চিকাৰীৰ দল এটাই বিশেষ কৌশলেৰে ৫টা বনৰীয়া হাতী খেদি লৈ যায়৷ উল্লেখ্য যে দুর্গম বনাঞ্চল হিচাপে পৰিচিত দেওপাহাৰত একাংশ খাচিয়া লোকৰ বসতি আছে৷ মেঘালয় সীমান্তৰ অসমৰ ডুমোপাহাৰৰ ৰাইজে জানিবলৈ দিয়া অনুসৰি, এই খাচিয়া লোকসকলৰ একাংশই এই চিকাৰ কার্যত জড়িত হৈ হাতীৰ দাঁত আৰু মাংসৰ ব্যৱসায় কৰে৷ প্রায় এমাহ পূর্বে ৰাণী বনাঞ্চলৰ আঞ্চলিক বন বিষয়া ৰজী বর্মনৰ বিশেষ তৎপৰতাত বনকর্মীৰ দলে অভিযান চলাই মেঘালয় সীমান্তত দুজন চোৰাং চিকাৰীক গ্রেপ্তাৰ কৰিছিল৷ কিন্তু কিছুদিন নিতাল মাৰি থকাৰ পাছত পুনৰ চোৰাং চিকাৰীৰ প্রৱেশৰ ঘটনাই বন বিভাগকো চিন্তিত কৰি তুলিছে৷ ইতিমধ্যে ৰাণী বনাঞ্চলৰ লগতে গডভঙা বনাঞ্চলৰ বনকর্মীৰ দলে গাঁওবাসীয়ে দিয়া তথ্যৰ ভিত্তিত চাৰি দিন ধৰি দিনে–নিশাই পহৰা দি আছে যদিও অঞ্চলটোৰ দুর্গম ভৌগোলিক অৱস্থানৰ সুযোগ লৈ চোৰাং চিকাৰীৰ দলটো বনৰক্ষীৰ চকুত ধূলি দি লুকাই থকাৰ সন্দেহ প্রকাশ কৰা হৈছে৷ একাংশ প্রত্যক্ষদর্শীয়ে জনোৱা মতে, চিকাৰীৰ দলটোৱে ডন্নত মাৰণাস্ত্র লগত লৈ হাতীৰ জাকটো দেওপাহাৰৰ ফালে বুদ্ধিৰে খেদি লৈ গৈছে৷ এনে চিকাৰীৰ দলে পোৱালি হাতীকো নিষ্ঠুৰভাৱে হত্যা কৰে৷ আনকি মাকবোৰে চিকাৰীৰ পৰা পৰিত্রাণ পাবলৈ নিজৰ পোৱালিক ঘাঁহ–বনেৰে ঢাকি ৰাখিও বচাব নোৱাৰে৷ এই সন্দর্ভত ৰাণী নিৱাসী তথা সংগ্রামী কৃষক–শ্রমিক সংঘৰ সম্পাদক দীনেশ দাসে বন বিভাগ ব্যর্থ হোৱা বাবে কামৰূপ জিলা প্রশাসনক চোৰাং চিকাৰীৰ দলটোৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্রহণ কৰাৰ বাবে দাবী জনাইছে৷ দীনেশ দাসে কয় যে পাহাৰত অব্যাহত চোৰাং চিকাৰীৰ অবাধ বিচৰণৰ বাবেই প্রধানতঃ বন্য হাতী জনাঞ্চললৈ আহি উপদ্রৱ চলায়৷ দৰকাৰ হ’লে সীমান্তৱর্তী অঞ্চলত অতিৰিক্ত বনকর্মীৰ লগত অসম আৰক্ষীৰ বেটেলিয়ন নিয়োগ কৰিব লাগে৷ যাতে হাতীসহ অসমৰ বন্যজন্তু মেঘালয়ৰ চোৰাং চিকাৰীৰ কবলৰ পৰা ৰক্ষা কৰিব পাৰি৷

You might also like