বাৰ্তা ডিজিটেল ডেস্ক, ৩১ ডিচেম্বৰঃ অসমীয়া সাহিত্য জগতলৈ সুখবৰ৷ ওড়িশাৰ চম্বলপুৰ বিশ্ববিদ্যালয়ে আগবঢ়োৱা সন্মানীয় গংগাধৰ মেহেৰ ৰাষ্ট্রীয় কাব্য বঁটা-২০২২ আগবঢ়োৱা হৈছে অসমৰ কবি আনিছ উজ জামানলৈ৷ চম্বলপুৰ বিশ্ববিদ্যালয়ৰ পঞ্জীয়কে এই কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে৷ উল্লেখ্য যে প্রখ্যাত উড়িয়া কবি গংগাধৰ মেহেৰৰ সোঁৱৰণত ওড়িশাৰ উচ্চ শিক্ষানুষ্ঠানখনে ১৯৮৯ চনৰ পৰা সর্বভাৰতীয় পর্যায়ত যিকোনো ভাষাৰ একোজন বিশিষ্ট কবিক এই বঁটা প্রতি বছৰে প্রদান কৰি আহিছে৷ পূর্বতে অসমৰ মাত্র দুগৰাকী কবিয়েহে এই সন্মান লাভ কৰিবলৈ সক্ষম হৈছে৷ ১৯৯২ চনত নৱকান্ত বৰুৱা আৰু ২০০৬ চনত গংগাধৰ মেহেৰ ৰাষ্ট্রীয় কাব্য বঁটা লাভ কৰিছিল নীলমণি ফুকনে৷ এই বঁটাত আছে একোখনকৈ মানপত্র–ংগবস্ত্র আৰু নগদ ১ লাখ টকা৷ চম্বলপুৰ বিশ্ববিদ্যালয়ৰ প্রতিষ্ঠা দিৱসত আনুষ্ঠানিকভাৱে ২০২২ বর্ষৰ গংগাধৰ মেহেৰ ৰাষ্ট্রীয় কাব্য বঁটা প্রদান কৰা হ’ব বুলি সদৰী কৰিছে উচ্চ শিক্ষানুষ্ঠানখনৰ পঞ্জীয়কে৷