ঢকুৱাখনাত চুলাইৰ বিৰুদ্ধে আৰক্ষী-আবকাৰীৰ অভিযান
নিয়মীয়া বাৰ্তা, ২৯ জানুৱাৰী : সমাজক বিশৃংখল কৰা তথা যুৱ চামক বিপথে কঢ়িয়াই নিয়া নিচাজাতীয় দ্ৰব্যৰ লগতে চুলাই মদৰ বিৰুদ্ধে অভিযান চলাই বিভিন্ন সময়ত আবকাৰী বিভাগ তথা আৰক্ষীয়ে এইসমূহ সামগ্ৰী জব্দ কৰি আহিছে যদিও এতিয়াও অবাধে চলি আছে চুলাই মদৰ ৰমৰমীয়া বেহা। ঢকুৱাখনা সম-জিলাৰ বিভিন্ন প্ৰান্তত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে অবৈধ চুলাই মদৰ ভাটি ৷ আৰক্ষী-আবকাৰী বিভাগৰ চকুত ধূলি দি ঢকুৱাখনাৰ বিভিন্ন অঞ্চলত কাঠফুলাৰ দৰে গঢ় লৈ উঠা এই চুলাই মদৰ ভাটিয়ে সামাজিক-শৈক্ষিক পৰিৱেশ বিনষ্ট কৰি অহাৰ লগতে ধ্বংস কৰিছে বহু পৰিয়াল ৷ ঢকুৱাখনাৰ বিভিন্ন অঞ্চলত চুলাই মদৰ বিৰুদ্ধে চলিল আবকাৰী আৰু আৰক্ষীৰ বৃহৎ অভিযান৷ ঢকুৱাখনা আবকাৰী চক্ৰৰ চক্ৰ পৰিদৰ্শক পৰাগ চেতিয়াৰ নেতৃত্বত ঢকুৱাখনা সদৰ থানাৰ আৰক্ষীৰ সহযোগত আবকাৰী বিভাগে দক্ষিণ চাপৰি, ঠেকেৰাগুৰি, বিৰাজৰাচুক, জামুগুৰি, খামন গাঁও, ২নং বান্তৌ, দীঘলা গাঁও আদি অঞ্চলত অভিযান চলাই বহু সংখ্যক চুলাইৰ ভাটি উচ্ছেদ কৰে। আৰক্ষী আৰু আবকাৰী বিভাগৰ দলটোৱে ঘৰে ঘৰে সোমাই দলটোৱে ঘৰ-বাৰী, নৈৰ পাৰ আদি গোপন এলেকাত মজুত ৰখা প্ৰায় ৬৭০ লিটাৰ চুলাই আৰু বহু সংখ্যক চুলাই প্ৰস্তুত কৰা সামগ্ৰী জব্দ কৰি বিনষ্ট কৰে। আবকাৰী বিভাগে অঞ্চলটোত অবৈধ চুলাই মদৰ বিৰুদ্ধে অভিযান ভৱিষ্যতেও অব্যাহত ৰাখিব বুলি জানিবলৈ দিয়ে ৷
প্ৰেৰক পুলকজ্যোতি বৰা