নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱত হেৰ’ইনসহ পাঁচ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ আৰক্ষীৰ

বিশেষ বাৰ্তা, ২৯ মেঃ নগাঁও আৰক্ষীয়ে নিষিদ্ধ ড্ৰাগছকে ধৰি বিভিন্ন অসামাজিক কাম-কাজৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। নগাঁৱৰ নৱনিযুক্ত আৰক্ষী অধীক্ষক নৱনীত মহন্তই ড্ৰাগছকে ধৰি বিভিন্ন অপৰাধমূলক কাম-কাজৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে। আৰক্ষী অধীক্ষকগৰাকীয়ে দায়িত্ব লোৱাৰ পিছৰে পৰাই নগাঁৱৰ আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে। এই অভিযানৰ অংশ হিচাপে আজি জিলাখনৰ ধিঙৰ ধোপগুৰি আৰু চাপৰমুখত অভিযান চলাই মহিলাসহ পাঁচগৰাকী ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। নগাঁৱৰ নৱনিযুক্ত অতিৰিক্ত আৰক্ষী অধীক্ষক (সদৰ) সুপ্ৰতীপ লাল বৰুৱাৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে এক গোপন সূত্ৰৰ পম খেদি আজি দিনৰ প্ৰায় ১২ বজাত ৰহা আৰক্ষী থানাৰ অন্তৰ্গত চাপৰমুখত অভিযান চলাই এগৰাকী মহিলাসহ বুজন পৰিমাণৰ হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হয়। চাপৰমুখ ৰেল ষ্টেচনৰ পৰা নামি হেৰ’ইনসহ ধিঙলৈ যাবলৈ চেষ্টা চলোৱাৰ সময়তে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা মহিলাগৰাকী ধিঙৰ সৰু ৰাধাআটিৰ খাইৰুণ নেছা (২৯)। আৰক্ষীয়ে মহিলাগৰাকীৰ জিম্মাৰ পৰা ৮০ গ্ৰাম হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হয়। ইপিনে, জিলাখনৰ ধিং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত আৰক্ষীয়ে ধিং আৰক্ষী থানাৰ অন্তৰ্গত ধোপগুৰিৰ ঢাকাইবস্তিত অভিযান চলাই এগৰাকী মহিলাসহ চাৰিজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে তেওঁলোকৰ জিম্মাৰ পৰা ১২.৫৬ গ্ৰাম হেৰ’ইন, ১১টা খালী টবেক বাকচ, দুটা মোবাইল ফোন আদি জব্দ কৰে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ড্ৰাগছ সৰবৰাহকাৰীকেইটা হল ধোপগুৰিৰ ঢাকাইবস্তিৰ ইনজামূল হুছেইন (২০), গিয়াছুদ্দিন( ৪৭), মোছা ৰেহেনা বেগম (৪৫), মৈৰাবাৰীৰ তাতিকটাৰ ছৰিফুল ইছলাম (২৫)। উল্লেখ্য যে ধৃত ড্ৰাগছ সৰবৰাহকাৰীকেইটা দীৰ্ঘদিনৰ পৰা ড্ৰাগছ সৰবৰাহৰ লগত জড়িত হৈ আছে। অধিক তথ্য আহৰণৰ বাবে আৰক্ষীয়ে তেওঁলোকক জেৰা অব্যাহত ৰাখিছে।

প্ৰেৰক কনক হাজৰিকা

You might also like