নিয়মীয়া বাৰ্তা, ১৮ ফেব্ৰুৱাৰীঃ চিৰাঙৰ বিজনীত শনিবাৰে নিশা আৰক্ষীৰ অভিযানত বিজেপিৰ MCLA প্ৰদীপ বায়নৰ দেহৰক্ষীসহ ৮গৰাকীকৈ জুৱাৰীক গ্ৰেপ্তাৰ কৰা হয়। এক গোপন সূত্ৰৰ পম খেদি বিজনী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰিতুলমণি দাসৰ নেতৃত্বত বিজনী থানাৰ আৰক্ষীয়ে চলোৱা উক্ত অভিযানত গ্ৰেপ্তাৰ হোৱা জুৱাৰীকেইটা ক্ৰমে বিজনী নিৱাসী অসম আৰক্ষীৰ জোৱান তথা মনোনীত পাৰিষদ প্ৰদীপ বায়নৰ দেহৰক্ষী প্ৰণৱ শইকীয়াৰ (৪৪) লগতে অন্যান্য ৮টাকৈ জুৱাৰী দিগন্ত গোৱালা (৩৭), বিশ্বজিৎ দাস (৩০), মৃদুল দাস (৩৮), দিবেন্দু বিশ্বাস (৩৫), কণমণি মেধি (৪৪), নীলকমল ৰায় (৩৬), ৰাজ হালৈ (৩৩) আৰু ছাতিয়ানগুৰীৰ পূণাই ৰায় (৩০)। বিজনী ৰে’ল ষ্টেচনৰ সমীপৰ এটা পৰিতক্ত গৃহত দীৰ্ঘদিনৰে পৰা জুৱাৰীসকলে চলাই আহিছিল জুৱাৰ আড্ডা। ৰেলৰ মাটি দখল কৰি দীৰ্ঘদিনৰে পৰা জুৱাৰীকেইজনক মৃদুল দাস নামৰ যুৱকজনে দি আহিছিলে ৰক্ষণাবেক্ষণ লগতে চলাই গৈছিল মদৰ আড্ডা। আৰক্ষীয়ে জুৱাৰীকেইটাৰ পৰা নগদ ১২,৫৫০ টকা, ৯টাকৈ মোবাইল হেণ্ডচেট আৰু তাচপাত জব্দ কৰে। পাছত আৰক্ষীয়ে ধৃত জুৱাৰীকেইটাক বিজনী থানালৈ লৈ আহে।
প্ৰেৰক বৰ্ণালী তালুকদাৰ