নগাঁৱত বাতৰি সংগ্ৰহৰ বাবে যোৱা সাংবাদিকক অপদস্থ আৰক্ষীৰ
বিশেষ বাৰ্তা, ৪ এপ্ৰিলঃ আজি নগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ৰ চৌহদত লোকসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থী সকলে মনোনয়ন পত্ৰ দাখিলৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা নগাঁও সদৰৰ একাংশ সাংবাদিকক আৰক্ষীয়ে অপদস্থ কৰাক কেন্দ্ৰ কৰি জিলা আয়ুক্তৰ কাৰ্যালয় চৌহদত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। অভিযোগ অনুসৰি,আজি বিজেপি প্ৰাৰ্থী সুৰেশ বৰা আৰু কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যূৎ বৰদলৈৰ মনোনয়ন পত্ৰ দাখিলৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা একাধিক সাংবাদিকক নগাঁও আৰক্ষীয়ে ঠেলা হেঁচা কৰি অপদস্থ কৰে। ফলত এজন ফটো সাংবাদিক আঘাতপ্ৰাপ্ত হয়। নগাঁও আৰক্ষী অপৰাধ শাখাৰ আৰক্ষী অধীক্ষক পাৰ্থপ্ৰতীম শইকীয়াই সাংবাদিকসকলক অনাহকত অপদস্থ কৰে বুলি ভুক্তভোগী সাংবাদিকে অভিযোগ তুলিছে। আৰক্ষী বিষয়া জনৰ দুৰ্ব্যৱহাত ক্ষুণ্ণ হৈ সাংবাদিকসকলে ঘটনাস্থলীতে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। সাংবাদিকসকলে নগাঁও আৰক্ষী আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক পাৰ্থপ্ৰতীম শইকীয়াৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দি পৰিবেশ উত্তাল কৰি তোলে। পিছত ঘটনাস্থলীত নগাঁৱৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা উপস্থিত হৈ অবাঞ্চিত ঘটনাটোৰ বাবে দুখ প্ৰকাশ কৰে। সাংবাদিক সকলে সাংবাদিকক অপদস্থ কৰা অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক দাবী জনাইছে। আজিৰ সাংবাদিকক অপদস্থ কৰা ঘটনাক নগাঁও প্ৰেছ ক্লাৱ, নগাঁও জিলা বাৰ্তাজীৱী সংঘ, আজুৰ নগাঁও জিলা সমিতি, আপকুৰ নগাঁও জিলা সমিতি, সাংবাদিক পৰিষদ আদিয়ে তীব্ৰ গৰিহনা দিয়াৰ লগতে অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীৰ বিৰুদ্ধে কঠোৰ অনুশাসনমূলক পদক্ষেপ গ্ৰহণ কৰিবলৈ চৰকাৰক দাবী জনাইছে। অসমৰ মূখ্যমন্ত্ৰীয়ে অসম আৰক্ষীক ৰাইজৰ ওচৰ চপাই নিয়াৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে, সেয়ে সময়ত আৰক্ষীয়ে সাংবাদিকৰ ওপৰত কৰা অপদস্থৰ ঘটনাই সচেতন মহলক স্তম্ভিত কৰি তুলিছে।
প্ৰেৰক কনক হাজৰিকা