নিয়মীয়া বাৰ্তা, ১৪ আগষ্ট : দেশৰ স্বাধীনতা দিৱসলৈ মাজত মাত্ৰ আৰু কেইটামান ঘন্টা বাকী থকাৰ সময়তে স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি আৰক্ষীৰ বিশেষ বাইক ৰেলী। চাৰিদুৱাৰ আৰক্ষীয়ে আজি উলিয়ায় বাইক ৰেলী। “মোৰ দেশ মোৰ মাটি” শীৰ্ষক বিশেষ কাৰ্য্যসূচীৰ অংশ ৰূপে আজি চাৰিদুৱাৰ আৰক্ষীয়ে এক বাইক ৰেলী উলিয়ায় । চাৰিদুৱাৰ আৰক্ষী থানাৰ পৰা উলিওৱা এই ৰেলীত আৰক্ষীৰ জোৱানসকলে দেশৰ ৰাষ্ট্ৰীয় পতাকা লৈ পোন্ধৰ নং ৰাষ্ট্ৰীয় ঘাইপথ পৰিভ্ৰমণ কৰি পুনৰ আৰক্ষী থানাত সামৰণি মাৰে । উল্লেখ্য যে এই বাইক ৰেলীত শতাধিক অন্য লোকেও অংশগ্ৰহণ কৰে।
প্ৰেৰক প্ৰাঞ্জল প্ৰতিম