নিয়মীয়া বাৰ্তা, ৪ ফেব্ৰুৱাৰী : ভাতৃঘাতী সংঘৰ্ষৰ ফিৰিঙতি আৰম্ভ হৈছে নেকি অসমত- দেৰগাঁৱৰ আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰত যোৱানিশা সংঘটিত আৰক্ষীৰ আৰক্ষীৰে সংঘৰ্ষৰ ঘটনাক লৈ এই প্ৰশ্নৰ যেন অৱতাৰনা হৈছে সচেতন মহলত। কালি নিশা দেৰগাঁওস্থিত অসম আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰ লাচিত বৰফুকন পুলিচ একাডেমীত দুটা প্ৰশিক্ষাৰ্থী আৰক্ষী গোটৰ মাজত সংঘটিত সংঘৰ্ষত সাতজনকৈ নৱনিযুক্ত আৰক্ষী প্ৰশিক্ষাৰ্থী আহত হ’ব লগা ঘটনাটোৱে ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰৰ ভিতৰচৰাৰ ফোঁপোলা স্বৰূপটোক উদঙাই তুলিছে। জানিব পৰা মতে পিটিচিত প্ৰশিক্ষণ গ্ৰহণ কৰি থকা আৰক্ষীসকলৰ দুটা ফৈদৰ মাজত এগৰাকী মহিলাৰ কাপোৰ সলোৱাৰ দৃশ্য গোপনে চাই থকাক লৈ মনিপুৰী আৰক্ষীসকলে বাধা দিয়াত নগা আৰক্ষী প্ৰশিক্ষাৰ্থীসকলৰে কাজিয়াৰ সূত্ৰপাত হয় বুলি এটা সুত্ৰত প্ৰকাশ। অন্য এটা সূত্ৰৰ পৰা জানিব পৰা মতে, এজন শকত আৰক্ষী প্ৰশিক্ষাৰ্থীক লৈ উপলুঙাসূচক মন্তব্য কৰাক লৈ বাকবিতণ্ডাৰ আৰম্ভ হৈছিল দুটা পক্ষৰ আৰক্ষী জোৱানৰ মাজত। কাৰণ যিয়েই নহওক আৰক্ষীৰে আৰক্ষীৰ এই কাজিয়াত চোকা অস্ত্ৰৰ আক্ৰমণত সাতজনকৈ আৰক্ষী জোৱান আঘাতপ্ৰাপ্ত হৈছিল। তেজেৰে তুমৰলি হৈ পৰিছিল প্ৰশিক্ষণ কেন্দ্ৰ স্থলী। আঘাতপ্ৰাপ্তসকলক তৎকালে দেৰগাঁও সামূহিক চিকিৎসালয়লৈ আনি প্ৰাৰ্থমিক চিকিৎসা প্ৰদান কৰা হয় যদিও কেইবাজনকো উন্নত চিকিৎসাৰ বাবে যোৰহাটলৈ প্ৰেৰণ কৰে চিকিৎসকে। এনে চাঞ্চল্য সৃষ্টিকাৰী ঘটনা সন্দৰ্ভত কিন্তু লাচিত বৰফুকন পুলিচ একাডেমিৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষ আৰু গোলাঘাট জিলা আৰক্ষী অধীক্ষকে বাতৰি লিখাপৰ্যন্ত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখা নাই। বিশেষকৈ সংবাদ মাধ্যমৰ পৰা নিৰাপদ দূৰত্বত অৱস্থান কৰিছে কৰ্তৃপক্ষই। উল্লেখযোগ্য যে এই ঘটনাই খোদ আৰক্ষীকে লজ্জানত কৰিছে। এটা সুত্ৰৰ পৰা জানিব পৰা মতে মণিপুৰৰ মেইটে আৰু নগা প্ৰশিক্ষাৰ্থীসকলৰ মাজত সংঘৰ্ষৰ মূল কাৰন আছিল খাদ্য খোৱাক কেন্দ্ৰ কৰিহে। দুয়ো পক্ষই চোকা অস্ত্ৰৰে কৰিছিল প্ৰতিপক্ষক কৰিছিল আক্ৰমণ । গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল জে বি অৰুণ, পিংতং কং টং, মোহমদ আমিন খান, পি এচ অজিত পেলে, চেল জেল লিকাং, কে এছ দীপক সিং নামৰ সাতগৰাকী প্ৰশিক্ষাৰ্থী। ইয়াৰে তিনিজনক কালিয়েই চিকিৎসালয়ৰ পৰা যাবলৈ দিয়ে আৰু অন্য তিনিজনক উন্নত চিকিৎসাৰ বাবে যোৰহাটলৈ নিয়াৰ পৰামৰ্শ দিয়ে চিকিৎসকে। অৱশ্যে আটাইকেইগৰাকী আঘাতপ্ৰাপ্ত সংকটমুক্ত বুলি জানিব পৰা গৈছে। এই মাৰপিটৰ ঘটনাই তীব্ৰ জোকাৰনিৰ সৃষ্টি কৰিছে অসমৰ লগতে সমগ্ৰ উত্তৰ-পূৱত । তদুপৰি দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমীত সংঘটিত এই ঘটনাই লজ্জানত কৰিছে দেৰগাঁওবাসীক। আৰক্ষীৰ প্ৰশিক্ষণ কেন্দ্ৰত প্ৰশিক্ষাৰ্থীয়ে কেনেকৈ পালে চোকা অস্ত্ৰ? তদুপৰি একাংশ প্ৰশিক্ষাৰ্থীয়েই অভিযোগ কৰিছে সংঘাতৰ সময়ত সুৰাসক্ত অৱস্থাত আছিল একাংশ প্ৰশিক্ষাৰ্থী। কিন্তু প্ৰশিক্ষণ স্থলীত সুৰা ক’ৰ পৰা আহিল। এই প্ৰশ্ন সচেতন দেৰগঞাৰ। জনসাধাৰণৰ নিৰাপত্তাত নিয়োজিত হ’বলৈ জনহিত জনসেৱাৰ্থে শ্লোগান আওৰাই আৰক্ষীৰ প্ৰশিক্ষণ লৈ কৰ্মজীৱন আৰম্ভ কৰিবলৈ প্ৰশিক্ষণ লবলৈ অহা প্ৰশিক্ষণস্থলীত সংঘটিত এনে হিংসাত্মক ঘটনাই প্ৰকৃততেই প্ৰশিক্ষণ কেন্দ্ৰৰ ভিতৰচৰাৰ ফোঁপোলা স্বৰূপকে উদঙাই দেখুওৱা নাইনে?এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী তথা আৰক্ষী সঞ্চালকপ্ৰধানৰ প্ৰত্যক্ষ হস্তক্ষেপৰ দাবী স্থানীয় ৰাইজে। বহি:ৰাজ্যৰ প্ৰশিক্ষাৰ্থীসকলৰ দ্বাৰা সংঘটিত এই ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। উল্লেখযোগ্য যে এই আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰত ইয়াৰ পূৰ্বেও এনেধৰনৰ ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। কালিৰ এই ঘটনাৰ খবৰ পাই গোলাঘাট জিলাৰ জিলা আয়ুক্ত ডাঃ পি উদয় প্ৰবীণ আৰু আৰক্ষী সঞ্চালকপ্ৰধান ৰাজেন সিং ঘটনাস্থলীলৈ আহি ঘটনাৰ বুজ লয় যদিও সংবাদ মাধ্যমৰ পৰা আঁতৰি থকা দেখা যায়।
প্ৰেৰক প্ৰণৱ চক্ৰৱৰ্তী