নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিয়নিত অশ্বাৰোহী টহলদাৰ আৰক্ষীৰ সঞ্চালন

বিশেষ বাৰ্তা, ২৫ ফেব্ৰুৱাৰীঃ অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে এইবাৰ যেন মাৰ বান্ধিছে অসম আৰক্ষীয়ে। বুলেট, পালচাৰৰ পিছত এইবাৰ ঘোঁৰা লৈ আহিল অসম আৰক্ষী বেটেলিয়ান। অপৰাধ নিয়ন্ত্ৰণৰ বাবে মৰিয়নি নগৰত আজি অশ্বাৰোহী টহলদাৰ আৰক্ষীৰ এটা দলে সঞ্চালন কৰে। অৱশ্যে কেৱল অপৰাধ নিয়ন্ত্ৰণেই নহয় যান জঁ‌টকে ধৰি নগৰত সৃষ্টি হোৱা বিভিন্ন সমস্যা সমাধানৰ ক্ষেত্ৰতো এই অশ্বাৰোহী আৰক্ষীৰ দলে সহযোগ কৰিব। তাৰোপৰি পথ নিৰাপত্তাৰ ক্ষেত্ৰত সজাগতা অনাৰো প্ৰয়াস কৰিব। দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচে একাডেমীৰ পৰা অহা চাৰিজনীয়া অশ্বাৰোহী আৰক্ষীৰ দলটোৱে আজি বিয়লি মৰিয়নি নগৰ পৰিভ্ৰমণ কৰে। আৰক্ষীৰ দলটোৰ এনে সঞ্চালনত মৰিয়নি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ত্ৰিলোচন নাথ, উপ-পৰিদৰ্শক নলিনী কোঁচ আদিয়ে সহযোগ আগবঢ়ায়। হৱলদাৰ চন্দ্ৰভূষন সিঙৰ নেতৃত্বত অহা অশ্বাৰোহী আৰক্ষীৰ দলটোত কনিষ্টবল মনোজ শইকীয়া, নাজিমূল ইছলাম আৰু ৰিন্টু বৰাই অংশ লয়। তেওঁলোকে জানিবলৈ দিয়া মতে, নিয়মিতভাৱে অশ্বাৰোহী আৰক্ষীৰ দলে এইদৰে টহল দিব।

প্ৰেৰক দিব্যজ্যোতি শইকীয়া

You might also like