নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিগবৈত ৰাইজৰ ৰোষত আৰক্ষী কনিষ্টবল চুকাফা চেতিয়া

🔹 ইউনিফৰ্মৰ পৰা নেম প্লেট খুলি গৰুগাড়ীৰ পৰা ধন সংগ্ৰহৰ অভিযোগ

নিয়মীয়া বাৰ্তা, ২৩ জুন : ডিগবৈ চহৰৰ ৩৮ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত গৰু গাড়ীৰ পৰা মাত্ৰ চাৰিশ টকা লৈ নিৰ্লজ্জভাৱে ডিগবৈৰ আৰক্ষী থানাত কৰ্মৰত কনিষ্টবল চুকাফা চেতিয়া ৰাইজৰ হাতত ধৰা পৰিল। কনিষ্টবলজনক ৰাইজ তথা বিভিন্ন সংগঠনৰ কৰ্মীয়ে আবদ্ধ কৰি ককৰ্থনা কৰে । স্থানীয় ৰাইজে জনোৱা মতে, বিতৰ্কিত আৰক্ষী কনিষ্টবল চুকাফাই নিজৰ মটৰচাইকেলেৰে অকলে খেদি আহি এখন গৰু গাড়ী ডিগবৈ চহৰৰ বৰবিলত ৰখাই চাৰিশ টকা সংগ্ৰহ কৰে । ৰাইজে টকা সংগ্ৰহ কৰা প্ৰত্যক্ষ কৰি আৰক্ষী কনিষ্টবল চেতিয়াক আগচি ধৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। ৰাইজে জনোৱা মতে, এখন দুশটকীয়া আৰু দুখন এশটকীয়া নোট লয় গৰু গাড়ীখনৰ পৰা । ৰাইজৰ অভিযোগ মতে, গৰু গাড়ীখন যদি অবৈধ আছিল তেন্তে অকলে কিয় আৰক্ষীজনে গাড়ীখন ধৰিবলৈ খেদি আহিল । ৰাইজৰ বিভিন্ন প্ৰশ্নত থৰকাছুটি হেৰুৱাই নিজকে নিৰ্দোষী সজাবলৈ চেষ্টা কৰা দেখা যায় কনিষ্টবলজনে। হেলমেট নিপিন্ধা বাইক আৰোহীক ধৰিবলৈ আৰক্ষীৰ কেইবাজনীয়া এটা দলে দুৰ্ধৰ্ষ উগ্ৰপন্থীক ধৰিবলৈ যোৱাৰ দৰে খেদি যায় যদিও গৰু গাড়ীখন ধৰিবলৈ কিয় অকলে চুকাফা চেতিয়া গ’ল বুলি ৰাইজে প্ৰশ্ন তুলিছে। তদুপৰি আৰক্ষী জোৱান চুকাফাই ইউনিফৰ্মত আছিল যদিও ৰহস্যজনকভাৱে নামফলকখন খুলি জেপত ভৰাই থৈছিল। গতিকে লুভীয়া আৰক্ষী জোৱান চুকাফাৰ উদ্দেশ্য যে সৎ নাছিল, ৰাইজ নিশ্চিত হয় । পাছত ডিগবৈ থানাৰ পৰা আৰক্ষী দল এটা আহি চুকাফা চেতিয়াক থানালৈ লৈ যায় । লগতে স্থানীয় ৰাইজৰ কেইবাজনো প্ৰতিনিধিক থানালৈ যাবলৈ কয় আৰক্ষীয়ে। থানাত অৱশেষত ৰাইজৰ সন্মুখত আৰক্ষী জোৱান চুকাফাই ক্ষমা বিচৰাত ৰাইজে কোনো গোচৰ ৰুজু নকৰিলে । কিন্তু ধন সংগ্ৰহ কৰি ৰাইজৰ ৰোষত পৰা চুকাফা চেতিয়াই আৰক্ষীৰ মান-মৰ্যাদা হানি কৰিলে। এনে আৰক্ষীৰ বাবেই এদিন ৰাইজৰ মাজত আৰক্ষীৰ প্ৰতি আস্থা, সন্মান, শ্ৰদ্ধা আৰু ভয় নোহোৱা হ’ব বুলি সচেতন ৰাইজে মতপোষণ কৰিছে ।

প্ৰেৰক ৰমণী বুঢ়াগোহাঞি

You might also like