নিয়মীয়া বাৰ্তা, ১১ জানুৱাৰীঃ সোণাৰিৰ পাৰ্বতীপুৰৰ ভাড়াঘৰত আজি পুৱতিনিশা আত্মহত্যা কনিষ্টবল পৃথিৱী পাণ্ডৱৰ। মৃত পৃথিৱী পাণ্ডৱৰ ঘৰ শিৱসাগৰ জিলাৰ ডিমৌত। ২০১৮ চনত আৰক্ষীত যোগদান কৰা মৃত পৃথিৱী পাণ্ডৱৰ বয়স ২৬ বছৰ বুলি জানিব পৰা গৈছে। জানিব পৰা অনুসৰি সোণাৰিৰ পাৰ্বতীপুৰৰ ভাড়াঘৰত নিজৰ পত্নী, কণমানি সন্তান আৰু পত্নীৰ মাতৃৰ সৈতে আছিল। নিশা চৰাইদেউ মৈদাম ক্ষেত্ৰত অনুষ্ঠিত হৈ থকা চৰাইদেউ মহোৎসৱত নিজৰ দায়িত্ব পালন কৰি আহি নিজৰ ঘৰৰ ভিতৰতে চিপ লৈ আত্মহত্যা কৰে আৰক্ষী কনিষ্টবলগৰাকীয়ে। ৰাজ্যিক হেণ্ডবল খেলুৱৈ অতি উদীয়মান পৃথিৱী পাণ্ডৱৰ মৃত্যুৰ খবৰ পোৱা পাছতে শিৱসাগৰ জিলাৰ ডিমৌৰ পিতৃগৃহত শোকাকুল পৰিবেশ সৃষ্টি হৈছে। ঘটনাৰ পাছতে মৃতদেহ উদ্ধাৰ কৰি আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে। ইতিমধ্যে সোণাৰিত পৰিয়ালৰ লোক উপস্থিত হৈ ঘটনাৰ উচিত তদন্তৰ দাবী জনাইছে। দীৰ্ঘদিনৰ পৰা চলি থকা পাৰিবাৰিক কন্দলৰ বাবেই এই ঘটনা সংঘটিত হৈছে বুলি জানিবলৈ দিয়ে মৃত কনিষ্টবলগৰাকীৰ পৰিয়ালে।
প্ৰেৰক আব্দুল জাব্বাৰ