নিয়মীয়া বাৰ্তা, ২৫ ডিচেম্বৰ : কামৰূপৰ বাইহাটা চাৰিআলিৰ শালমাৰাত যোৱানিশা আন এক এনকাউণ্টাৰৰ ঘটনা সংঘটিত হয়। আলফাৰ লিংকমেনৰ সন্দেহত আৰক্ষীৰ এনকাউন্টাৰত গুলীবিদ্ধ হয় প্ৰাঞ্জল দাস ওৰফে ভেলো নামৰ যুৱক এজন। আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰোঁতেই আৰক্ষীয়ে ভেলোক ৰুধিবলৈ গুলীচালনা কৰে। প্ৰাঞ্জল দাস ওৰফে ভেলোৰ ঘৰ ৰঙিয়াৰ তিনিআলিত বুলি জানিব পৰা গৈছে।
প্ৰেৰক হীৰকজ্যোতি ডেকা