নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চামগুৰিত আচামীক আটক কৰিবলৈ গৈ শূন্যলৈ গুলীচালনা আৰক্ষীৰ

নিয়মীয়া বাৰ্তা, ৫ মাৰ্চঃ ৱাৰেণ্টৰ আচামীক আটক কৰিবলৈ গৈ আৰক্ষীয়ে শূণ্যলৈ গুলী চালনা কৰা ঘটনাক কেন্দ্ৰ কৰি নগাঁও জিলাৰ চামগুৰিৰ খাটোৱালত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। প্ৰাপ্ত খবৰ মতে, খাটোৱাল আৰক্ষী থানাৰ উপ পৰিদৰ্শক বিষ্ণু দাসৰ নেতৃত্বত এটা আৰক্ষী দলে যোৱা নিশা গেৰুৱামুখ নিবাসী তথা প্ৰতিষ্ঠিত ঠিকাদাৰ আল্লাল উদ্দিন নামৰ লোকজনৰ ঘৰত উপস্থিত হৈ তাণ্ডৱ চলোৱাৰ অভিযোগ উঠিছে। পথ নিৰ্মাণ সম্পৰ্কীয় এটা পুৰণি গোচৰ সন্দৰ্ভত মাজ নিশা আদালতৰ গ্ৰেপ্তাৰী পৰোৱানাৰ জাননী লৈ আৰক্ষীৰ দলটোৱে ঠিকাদাৰ জনক আটক কৰিবলৈ গৈ চোৰ ডকাইতৰ দৰে ব্যৱহাৰ কৰি চোঁচৰাই অনাৰ অভিযোগ কৰিছে ঠিকাদাৰ জনৰ পৰিয়ালৰ লোকে। ঠিকাদাৰজনক আটক কৰিবলৈ যোৱাৰ সময়ত আৰক্ষীৰ ব্যৱহাৰত স্থানীয় লোকে মাত মতাত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। পৰৱৰ্তী সময়ত আৰক্ষীয়ে শূন্যলৈ দুই জাঁই গুলীচালনা কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে ঠিকাদাৰ জনক আটক কৰি আৰক্ষী থানালৈ আনে বুলি জানিব পৰা গৈছে। ঠিকাদাৰ আল্লাল উদ্দিনৰ ভাতৃৰ ঘৰত যোৱা কালি অনুষ্ঠিত হৈ আছিল মাংগলিক কৰ্ম আৰু সেই সুত্ৰে বিভিন্ন ঠাইৰ পৰা আলহীৰে ভৰি আছিল ঘৰখন। খাটোৱাল আৰক্ষী থানাৰ আৰক্ষীয়ে মদ্যপান কৰি মহিলাক অপব্যৱহাৰ কৰাৰ অভিযোগ কৰিছে ঠিকাদাৰ জনৰ পৰিয়ালৰলোকে। আনহাতে যোৱা নিশা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ঠিকাদাৰ জনক আজি আদালতে জামিন মঞ্জুৰ কৰে বুলি জানিব পৰা গৈছে।

প্ৰেৰক প্ৰমোদ কুমাৰ শৰ্মা

You might also like