নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত একচন মুডত আৰক্ষী : আটক শতাধিক অবৈধ স্বামী

নিয়মীয়া বাৰ্তা, ৩ অক্টোবৰঃ যোৱানিশাৰ পৰা ধুবুৰীকে ধৰি সমগ্ৰ জিলাখনত আৰম্ভ হৈছে আৰক্ষীৰ বাল্য বিবাহৰ বিৰূদ্ধে অভিযান। ধুবুৰী আৰক্ষীৰ শীৰ্ষ মহলে বৰ্তমানলৈ আনুষ্ঠানিকভাবে একো নজনালেও জিলাখনৰ আটখন থানা এলেকাত বাল্য বিবাহ বিৰোধী অভিযানত শতাধিক লোক আটক হোৱা বুলি প্ৰকাশ। জানিব পৰা মতে, ধুবুৰী সদৰ থানা এলেকাৰ পৰা ৩৫গৰাকী, গোলকগঞ্জ থানা এলেকাৰ পৰা ৪০গৰাকী, আগমণি থানা এলেকাৰ পৰা ৭গৰাকী, তামাৰহাট থানা অঞ্চলত ১২গৰাকী, গৌৰীপুৰ থানা এলেকাৰ পৰা ৪২গৰাকী, বিলাসীপাৰা থানা অঞ্চলৰ পৰা ৩৬গৰাকী, সাপটগ্ৰাম থানা অঞ্চলৰ পৰা ১১গৰাকী আৰু চাপৰ থানা এলেকাৰ পৰা ৬গৰাকীক আটক কৰিছে আৰক্ষীয়ে। উল্লেখ্য যে বিগত ফেব্ৰুৱাৰী মাহতো বাল্য বিবাহ বিৰোধী অভিযানত অবৈধ স্বামী, অভিভাৱক, কাজী, পূজাৰীকে ধৰি ১৫৪গৰাকীক আটক কৰিছিল আৰক্ষীয়ে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like