নিয়মীয়া বাৰ্তা, ৩০ অক্টোবৰঃ যোৱানিশা আৰক্ষীৰ এটি দলে ধুবুৰী জিলাৰ গৌৰীপুৰৰ দুৰ্গম বাঘমাৰা অঞ্চলৰ সমীপত এটা সমাজ বিৰোধী সাংস্কৃতিক কাৰ্য্যসূচীৰ গইনা লৈ আৰম্ভ হোৱা এটা জুৱাৰ আড্ডা উৎখাত কৰা বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, বাঘমাৰা সমীপৰ টিপকাই নৈৰ পাৰত সাংস্কৃতিক কাৰ্য্যসূচীৰ নামত শালীনতাৰ সীমা পাৰ কৰি নৃত্য আৰু জুৱা চলি থকা বুলি গোপন সূত্ৰে অৱগত হৈ গৌৰীপুৰ আৰক্ষীৰ এটি দলে যোৱানিশা অঞ্চলটোত এক অভিযান চলায়। অৱশ্যে আৰক্ষী অহাৰ উমান পাই এন্ধাৰৰ সুযোগ লৈ জুৱাৰী আৰু জুৱাৰ আড্ডাটোৰ সৈতে জড়িতমূল পাণ্ডা কেইজন পলায়ন কৰে। জানিব পৰা মতে, আৰক্ষীয়ে চক্ৰটোৱে বাঁহেৰে নিৰ্মাণ কৰা অস্থায়ী পেণ্ডেল ভাঙি দিছে।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী