নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰগাঙত চুলাইৰ ঘাটিত আৰক্ষীৰ অভিযান

বিশেষ বার্তা, ২৮ ছেপ্টেম্বৰ : বৰগাং কেন্দ্ৰৰ লাইন হোটেল বজাৰৰ দক্ষিণে চুৰুণী ডাঙাত একাংশ অসাধু লোকে বহুদিনৰে পৰা চুলাইৰ বেহা চলাই আহি গাঁওখনৰ পৰিৱেশ বিনষ্ট কৰি আহিছে। সচেতন মহলৰ লগতে ছাত্ৰ-ছাত্ৰীসকলেও ইয়াৰ প্ৰতিবাদ কৰি আহিছে যদিও অসাধু লোকসকলৰ গা লৰা নাই আৰু এই দুষ্কর্য চলাই আছে। কালি বৰগাং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰূপজ্যোতি গগৈৰ নেতৃত্বত গাঁওখনত বৰগাং আৰক্ষীয়ে অভিযান চলাই কেইবাঘৰো লোকৰ ঘৰৰ পৰা চুলাই আৰু মদ তৈয়াৰ কৰা পাছ ধ্বংস কৰে। দুষ্কৃতিকাৰীসকলে আৰক্ষীৰ আগমনৰ উমান পাই পলায়ন কৰে যদিও সেইসকলৰ ওপৰত আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিব লাগে বুলি ৰাইজে মত প্ৰকাশ কৰিছে। কাৰণ পূর্বেও আৰক্ষী বা আবকাৰী বিভাগে গাঁওখনৰ নিৰ্দিষ্ট কেইঘৰত অভিযান চলাই  চুলাই ধ্বংস কৰি গৈছে যদিও পিছদিনাৰ পৰাই সেইসকল অসাধু লোকে পুনৰ উক্ত দুষ্কাৰ্য কৰি গৈ আছে। মাজতে দক্ষিণ মৰাণ গাঁও প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয় কৰ্তৃপক্ষৰ নেতৃত্বত গাঁওখনত মাদক দ্ৰব্য বন্ধ কৰাৰ দাবীত সমদল পৰ্যন্ত উলিয়ায়। কিন্তু অসাধু লোকসকলে কিঞ্চিৎমানো ভ্ৰূক্ষেপ নকৰিলে, যিটো অতি দুৰ্ভাগ্যজনক।
প্ৰেৰক অমিতাভ বৰুৱা
You might also like