নিয়মীয়া বাৰ্তা, বান্দৰদেৱা, ১৪ মেঃ অসম-অৰুণাচল সীমান্তৱৰ্তী বান্দৰদেৱাত মাৰাত্মক ড্ৰাগছৰ ৰমৰমীয়া বেহা অব্যাহত আছে ৷ বিগত দিনসমূহত এই মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে বিহপুৰীয়া আৰু বান্দৰদেৱা আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে আৰু বহু ড্ৰাগছ সৰবৰাহকাৰী আটক কৰি জেল-হাজোতলৈ প্ৰেৰণ কৰিছে। কিন্তু বিশেষ সফলতা লাভ কৰিবলৈ সক্ষম হোৱা নাই আইনৰ সুৰুঙাৰ বাবে৷ বতৰ্মান বান্দৰদেৱা আৰু হাৰমতীত পুনৰ গা কৰি উঠিছে ড্ৰাছৰ ৰমৰমীয়া বেহা৷ কালি নিশা প্ৰায় ২.৩০ বজাত বান্দৰদেৱা আৰক্ষী চকীৰ অন্তৰ্গত টৰাজুলিত গুৱাহাটীৰ পৰা মাজুলী অভিমুখে আহি থকা নেটৱৰ্ক – এ এছ ০১ এম চি ৭৬৩৩ নম্বৰৰ গাড়ীখনত বান্দৰদেৱাৰ হেমা নেৱাৰ(২৩) আৰু জিৱাউল আলি (২৪) নামৰ লোক দুজনে নগাঁৱৰ পৰা বান্দৰদেৱা দুইনং পাৰ্ৱতীপুৰত বিক্ৰী কৰিবলৈ অনাৰ পথত বিহপুৰীয়া থানাৰ অ’চি উৎপল বৰা আৰু বান্দৰদেৱা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া নৃপেন গগৈৰ নেতৃত্বত বৃহৎ পৰিমানৰ ড্ৰাগছ জব্দ কৰে৷ আৰক্ষীৰ অভিযানকালত দুগৰাকী মহিলাসহ মুঠ সাত জন লোকক গ্ৰেপ্তাৰ কৰে৷ শেহতীয়াকৈ আৰক্ষীৰ জালত পৰা লোককেইজন ক্ৰমে ইবুল আলী (৩২), লালুক পদ্মপুৰ, ৰিতুল ভূঞা (২৪), দুই নং পাৰ্ৱতীপুৰ, ৰাহুল নেৱাৰ (২৬) দ’লহাট,বাবু খান (৩৩) দুই নং পাৰ্ৱতীপুৰ আৰু মায়া শৰ্মা (২৯) দুই নং পাৰ্ৱতীপুৰৰ নিজ গৃহৰ পৰা গ্ৰেপ্তাৰ কৰে৷ বৰ্তমান আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে৷ তেওঁলোকৰ পৰা এই অভিযানত ৭ টা চাবোনৰ বাকচত মুঠ ৮০.৮৪ গ্ৰাম সন্দেহজনক ড্ৰাগছ উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ বান্দৰদেৱা আৰক্ষীৰ ই এক বৃহৎ সাফল্য বুলি কব পাৰি৷