নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰজত পাটিদাৰে মাৰিলে ছয়, মূৰত আঘাত পালে জ্যেষ্ঠ দৰ্শকে

বিশেষ বাৰ্তা, ১৪ মেঃ এইবাৰ আই পি এলত বহুতো আকৰ্ষণীয় আৰু অদ্ভুত দৃশ্য দেখা গৈছে। শুকুৰবাৰে ৰয়েল চেলেঞ্জাৰছ বাংগালুৰু আৰু পঞ্জাৱ কিংছৰ মাজত মেচ চলি থকাৰ মাজতে এটা মেকুৰী ষ্টেডিয়ামত উপস্থিত হয়। যাৰ বাবে মেচখন কিছু সময়ৰ বাবে বন্ধ কৰিবলগীয়া হয়। ইয়াৰ পাছত এটা বলত আঘাতপ্ৰাপ্ত হ’ল এজন জ্যেষ্ঠ নাগৰিক। এই মেচখনত প্ৰথমে বেটিং কৰি পঞ্জাৱে ৯ টা উইকেট হেৰুৱাই ২০৯ ৰান সংগ্ৰহ কৰে। পঞ্জাৱৰ অ’পেনাৰ জনী বেয়াৰষ্টে ২৯টা বলত ৬৬ ৰান সংগ্ৰহ কৰে। একে সময়তে লিভিংষ্টনে ৪২ টা বলত ৭০ ৰানৰ ইনিংছ খেলিছিল। ২১০ ৰানৰ লক্ষ্য খেদি আৰ চি বিৰ আৰম্ভণি বৰ বিশেষ ভাল নাছিল। আৰ চি বিৰ ইনিংছৰ ৯ নং অভাৰত ৰজত পাটিদাৰে ১০২ মিটাৰৰ ছয় ৰাণ এটা কৰে। বলটো গৈ মেচখন চাবলৈ অহা গেলাৰীৰ এজন জ্যেষ্ঠ লোকৰ মূৰত পৰে।

You might also like