নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিৰাঙত আৰক্ষীৰ অভিযানত মাৰণাস্ত্ৰ উদ্ধাৰ

নিয়মীয়া বাৰ্তা, ১৯ জুলাই : কালি চিৰাং আৰক্ষীয়ে জিলাখনৰ ভূটান সীমান্তৱৰ্তী অঞ্চলত অভিযান চলাই ২টা হস্তনিৰ্মিত এ কে ৰাইফল, ১টা হস্তনিৰ্মিত ৰিভলভাৰ, ৬টা ৱাকিটকী আৰু ৫টা সক্ৰিয় গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হয়। বৰ্তমানেও অধিক অস্ত্ৰ উদ্ধাৰৰ বাবে চিৰাং আৰক্ষীয়ে জিলাখনৰ একাধিক স্থানত অভিযান অব্যাহত ৰাখিছে। অভিযান সম্পূৰ্ণ হোৱাৰ লগে লগে বিতং তথ্য সংবাদ মাধ্যমক অৱগত কৰা হ’ব বুলি চিৰাঙৰ নৱনিযুক্ত আৰক্ষী অধীক্ষক এ গাৰ্গে এক বিজ্ঞপ্তিযোগে জনাইছে।

প্ৰেৰক বিপুল কুমাৰ দাস

 

You might also like