নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত নিচাযুক্ত টেবলেট-কফচিৰাপৰ বটল উদ্ধাৰ আৰক্ষীৰ

নিয়মীয়া বাৰ্তা, ১৫ নৱেম্বৰঃ আজি নিশা ধুবুৰী চহৰৰ পাৰ্শ্বৱৰ্তী ঝগৰাৰপাৰ প্ৰথম খণ্ডৰ বিদ্যাপাৰা ভেটাপাৰা অঞ্চলত চলোৱা আৰক্ষীৰ ড্ৰাগছ বিৰোধী এক অভিযানত বৃহৎ পৰিমাণৰ নিচাযুক্ত আৰু কফচিৰাপৰ বটল উদ্ধাৰ হোৱাৰ সমান্তৰালকৈ এজন সৰবৰাহকাৰী কৰায়ত্ত হোৱা বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, গোপন এক তথ্যৰ ভিত্তিত ধুবুৰীৰ কলেজ নগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া কপিল দাসৰ নেতৃত্বত চলিছিল আজিৰ সেই অভিযান। অভিযানটোত আৰক্ষীৰ দলটোৱে ভেটাপাৰা অঞ্চলৰ নিজৰ বাসগৃহৰ পৰাই দীৰ্ঘ দিনৰ পৰাই নিচাযুক্ত ঔষধৰ ব্যৱসায় চলাই অহা আব্দুল জলিল নামৰ ড্ৰাগছ সৰবৰাহকাৰী জনক বৃহৎ পৰিমাণৰ নিচাযুক্ত ঔষধ আৰু কফচিৰাপৰ বটলসহ হাতে-লোটে কৰায়ত্ত কৰা বুলি প্ৰকাশ।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like