নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বকোত অবৈধ ফাৰ্মাচী ছীল আৰক্ষীৰ

নিয়মীয়া বাৰ্তা, ১৬ মে :  কামৰূপৰ বকো আৰক্ষীৰ নিষিদ্ধ ডাগছৰ বিৰূদ্ধে দীৰ্ঘদিন ধৰি অব্যাহত আছে বৃহৎ অভিযান। আজি কামৰূপৰ বকো আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি বকো থানাৰ অন্তৰ্গত চেলোসূতী চকৰ এখন ফাৰ্মাচীত নিষিদ্ধ কফ চিৰাপ আৰু ড্ৰাগছৰ বিৰূদ্ধে হঠাৎ এক অভিযান চলাই। এই অভিযানত চেলোসূতী চকৰ মইদুল ইছলাম নামৰ লোক এজনৰ এখন নামবিহীন ফাৰ্মাচীত অভিযান চলাই বকো আৰক্ষীয়ে ২৪ টা নিষিদ্ধ কোড এক্স কফ চিৰাপ, ৩ টা হেৰ’ইন ভৰ্তি কণ্টেইনাৰ, ২১ টা খালী কণ্টেইনাৰ, ২ টা খালী নিষিদ্ধ কফ ছিৰাপ কোড এক্সৰ বটল আৰু এবাৰ ব্যবহীত চিৰিঞ্জৰ পেকেট ৫ টা জব্দ কৰিবলৈ সক্ষম হয়।ইয়াৰ লগতে বকো আৰক্ষীয়ে ফাৰ্মাচী খনৰ স্বতাধিকাৰী মইদুল ইছলামক গ্ৰেপ্তাৰ কৰে আৰু নামবিহীন ফাৰ্মাচী খন ছীল কৰি দিয়ে। বকো‌ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ফনীন্দ্ৰ নাথ, উপ পৰিদৰ্শক অপূৰ্ব কলিতা, ছমৰীয়া আৰক্ষী‌ পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জুলী দাসৰ নেতৃত্বত চলিছিল এই অভিযান। জানিব পৰা মতে বকো আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰা কুখ্যাত ড্ৰাগছ ব্যৱসায়ী তথা ফাৰ্মাচী খনৰ স্বত্বাধিকাৰী মইদুল ইছলামক বকো আৰক্ষী থানালৈ নি অধিক তথ্যৰ বাবে সোধপোছ অব্যাহত ৰাখিছে।

প্ৰেৰক প্ৰীতম বায়ন

You might also like