নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গ্ৰেপ্তাৰ ‘নেমু’ : শিৱসাগৰত নগদ ধনসহ ড্ৰাগছ জব্দ আৰক্ষীৰ

নিয়মীয়া বাৰ্তা, ২০ মাৰ্চ : সুদীৰ্ঘ পাঁচটা বছৰ ধৰি শিৱসাগৰ সদৰ থানাৰ সমীপৰ পৰাই কুখ্যাত নজৰ ফকীৰৰ সৈতে মিলি মাৰাত্মক ড্ৰাগছৰ ৰমৰমীয়া বেপাৰ চলাই অহা কুখ্যাত ড্ৰাগছ ব্যৱসায়ী ৰূপম দে ওৰফে নেমু অৱশেষত শিৱসাগৰ সদৰ আৰক্ষীৰ জালত পৰিল ৷ এক গোপন সূত্ৰৰ পম খেদি সদৰ ভাৰপ্ৰাপ্ত বিষয়া কল্পজ্যোতি শৰ্মাৰ নেতৃত্বত নগৰ উপ-পৰিদৰ্শক দীপাঙ্কৰ চুতীয়াই চলোৱা অভিযান কালত দুটাকৈ চাবোনৰ বাকচত লুকুৱাই থোৱা অৱস্থাত প্ৰায় ২৩ গ্ৰাম মাৰাত্মক ড্ৰাগছ জব্দ কৰাৰ লগতে ৰূপম দে ওৰফে নেমুক আটক কৰিবলৈ সক্ষম হয়৷ কুখ্যাত ব্যৱসায়ীটোৰ পৰা অভিযানকাৰী আৰক্ষীৰ দলটোৱে নগদ ধনৰ লগতে দুটাকৈ মবাইল ফোন জব্দ কৰিবলৈ সক্ষম হয়৷ উল্লেখ্য যে বিগত সময়চোৱাত সদৰ থানাৰ সমীপৰ থানাঘাট শ্মশানৰ সন্মুখত এখন গেলামালৰ দোকান খুলি বছৰ বছৰজুৰি এই মাৰাত্মক বেহা চলাই অহা কুখ্যাত ৰুপম ওৰফে নেমুৱে দখল কৰি আছিল সংবাদ শিৰোনাম৷ চবেৰ আলী, নজৰ ফকীৰৰ অন্যতম সহযোগী ৰূপম ওৰফে নেমুৰ পত্নীয়ে নিয়মিত যোৰহাটৰ এক বিশেষ স্থানৰ পৰা স্কুটীৰে ড্ৰাগছ শিৱসাগৰলৈ কঢ়িয়াই আনি শ্মশানৰ সন্মুখত থকা নিজৰ গেলামালৰ দোকানৰ পৰাই গ্ৰাহকক যোগান ধৰি আছিল৷ ইতিমধ্যে স্বাস্থ্য পৰীক্ষাৰ অন্তত নিজাববীয়াকৈ ৰুজু কৰা এক গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰৰ কৰা কূখ্যাত ড্ৰাগছ ব্যৱসায়ীটোৰ পৰা অধিক তথ্য উদ্ধাৰৰ বাবে আৰক্ষীৰ শীৰ্ষ বিষয়াই মাৰাথন জেৰা অব্যাহত ৰাখিছে ৷

প্ৰেৰক আশ্ৰফুৰ ৰহমান

You might also like