নিয়মীয়া বাৰ্তা, ১৩ ফেব্ৰুৱাৰীঃ গোলকগঞ্জ আৰক্ষীৰ বৃহত অভিযান। ডেৰ কোটি টকা মূল্যৰ সোণসহ আটক কৰিলে দুজন সৰবৰাহকাৰীক। এক গোপন সূত্ৰৰ পম খেদি গোলকগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱজিত কলিতাৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটি দলে গোলকগঞ্জৰ নৱনিৰ্মিত দলঙত ভাৰত বাংলাদেশ সীমান্তৰ নালিয়াৰ পৰা গোলকগঞ্জ অভিমুখী এখন ই-ৰিক্সাক ৰখাই তালাচী চলোয়। ই-ৰিক্সাত থকা বহি থকা সোনা উল্লাহ সিকদাৰ নামৰ ব্যক্তিজনৰ পৰা ২০ টাকৈ সোনৰ বিস্কুট আৰক্ষীয়ে জব্দ কৰে। জব্দকৃত সোনখিনি আনুমানিক বজাৰ মূল্য প্ৰায় ডেৰ কোটিৰ টকা। উল্লেখ্য যে সোনখিনি বাংলাদেশৰ জনৈক জহিৰুলৰ। আটকাধীন সোনা উল্লাহ সিকদাৰৰ ঘৰ গোলোকগঞ্জৰ ভাৰত বাংলাদেশ সীমান্তৰ টাইটীয়া তাৰৰ সীপাৰৰ ভোগডাঙা ফাক্সাৰ কুটিত আৰু তাইজুল আলীৰ ঘৰ সীমান্তৰ নালিয়াৰ নাওজলত। দুয়ো সোনখিনি গোলকগঞ্জত এজন ব্যক্তিক প্ৰদান কৰাৰ কথা আছিল কিন্তু তাৰ আগতেই ধৰা পৰে।
প্ৰেৰক শ্যামল চন্দ্ৰ ৰয়