নিয়মীয়া বাৰ্তা, ১৪ ফেব্ৰুৱাৰীঃ বিহালী আৰক্ষী আৰু গাঁওৰক্ষী বাহিনীয়ে মটৰচাইকেল চলোৱাৰ ওপৰত কেতবোৰ সজাগতা সৃষ্টিৰ বাবে সভা সমিতি আৰু মাইকযোগে প্ৰচাৰ চলাই সজাগতা কৰি আহিছে। তেনে সজাগতা সৃষ্টি কৰাৰ সত্বেও আজি সৰস্বতী পূজা আৰু ভেলেন্টাইন ডেত একাংশ ১৮ বছৰৰ ছাত্ৰ ছাত্ৰীৰ লগতে মটৰচাইকেল চলাই সন্ত্ৰাস সৃষ্টি কৰা পৰিলক্ষিত হৈছিল। যাৰ ফলত বিহালী আৰক্ষীয়ে দুৰ্ঘটনা প্ৰতিৰোধৰ বাবে কেইবাঠাইতো নাকা চেকিং চলাই অৰ্ধশতাধিক মটৰচাইকেল জব্দ কৰি থানালৈ লৈ আনে। বিহালী আৰক্ষীয়ে হেলমেট পৰিধান নকৰা, অনুজ্ঞাপত্ৰ অবিহনেই মটৰচাইকেল চলোৱা আৰু মদ্যপান কৰি চলোৱা লোকৰ জব্দ কৰে। বিহালী আৰক্ষীৰ এনে কাৰ্যক সচেতন লোকে শলাগ লৈছে।
প্ৰেৰক ভুৱন লুইটেল