নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কুকুৰমাৰাত ৫০০ লিটাৰৰো অধিক চুলাই  জব্দ আৰক্ষীৰ

নিয়মীয়া বাৰ্তা, ৩১ জুলাই : ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পিছতেই অবৈধ মদৰ বিৰুদ্ধে অধিক তৎপৰ হৈ পৰিছে ৰাজ্যৰ আৰক্ষী বিভাগ । দক্ষিণ কামৰূপৰ কুকুৰমাৰা আৰক্ষী পহৰা চকীৰ এটা দলে বজাৰৰ কেইবাটাও স্থানৰ পৰা ৫০০ লিটাৰৰো অধিক চুলাই  জব্দ কৰে । উল্লেখ্য যে কুকুৰমাৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিশ্বজোতি দাসৰ নেতৃত্বত এক গোপন সূত্ৰৰ ভিত্তিত অভিযান চলায় চুলাইৰ বিৰুদ্ধে । কুকুৰমাৰা বজাৰত মদ ব্যৱসায়ীসকলে ইতিপূৰ্বে হাবিৰ মাজত লুকুৱাই থোৱা কেইবাখনো বস্তাভৰ্তি অবৈধ চুলাই জব্দ কৰে । পিছত আৰক্ষী চকীৰ সমীপতে থকা কলহী নদীৰ পাৰত জব্দকৃত চুলাইখিনি নষ্ট কৰি পেলায়। উল্লেখ্য যে কুকুৰমাৰা বজাৰ অঞ্চলত দীৰ্ঘদিন ধৰি কুৰিৰো অধিক মদ ব্যৱসায়ীয়ে মদৰ ব্যৱসায় কৰি সমগ্ৰ অঞ্চলটোত পৰিৱেশ বিনষ্ট কৰি আহিছে। স্থানীয় একাংশ সচেতন মহলে জানিবলৈ দিয়া মতে, অঞ্চলটোৰ একাংশ যুৱপ্ৰজন্ম চুলাইৰ প্ৰতি বেছিকৈ আসক্ত হৈছে। আনকি কুকুৰমাৰা অঞ্চলৰ মদ সেৱনৰ ফলত বহু লোকে ইতিমধ্যে অকাল মৃত্যুক সাবটি লোৱা বুলিও অভিযোগ তুলিলে স্থানীয় ৰাইজে। ইফালে, সহজলভ্য ধনৰ লালসাত ব্যৱসায়ীসকলে অবৈধ চুলাইত বিভিন্ন ৰাসায়নিক দ্ৰব্য, চূণ, ফিটকাৰী আদি ব্যৱহাৰ কৰে। চুলাইৰ সৰবৰাহ বন্ধ কৰাৰ বাবে অঞ্চলটোৰ সচেতন মহলে দাবী জনাইছে।

প্ৰেৰক ভগৱান দাস

You might also like