নিয়মীয়া বাৰ্তা, ৭ নৱেম্বৰঃ দীৰ্ঘদিনৰ পৰাই ধুবুৰী আৰু দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ একাংশ প্ৰতিষ্ঠিত ব্যৱসায়ীয়ে সংগোপনে বাংলাদেশলৈ চাউল, চেনি, নিমখ আদিকে ধৰি বিভিন্ন ধৰণৰ সামগ্ৰী প্ৰেৰণ কৰি থকাৰ এক সন্দেহ প্ৰকাশ কৰি আহিছিল বিভিন্ন মহলে। সেই সন্দেহ সত্যত পৰিণত কৰি দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ আৰক্ষীৰ এটি দলে আজি জিলাখনৰ মান্দাপাৰা আৰু তাতিপাৰা অঞ্চলত অভিযান চলাই ১৫৬টাকৈ চেনিৰ বস্তা জব্দ কৰা বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, জিলাখনৰ সুখচৰ আৰক্ষীয়ে লাভ কৰা গোপন এক তথ্যৰ ভিত্তিত চলোৱা হৈছিল আজিৰ সেই অভিযান। ঘটনা সন্দৰ্ভত সহিদুল ইছলাম নামৰ লোক এজনক কৰায়ত্ত কৰি আৰক্ষীৰ শোধপোচ আৰম্ভ হোৱা বুলি প্ৰকাশ। ধৃত সহিদুলে চেনিৰ বস্তাবোৰ নদীপথেদি বাংলাদেশলৈ সৰবৰাহ কৰাৰ পৰিকল্পনা ৰচিছিল বুলি সন্দেহ কৰিছে আৰক্ষীয়ে।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী