নিয়মীয়া বাৰ্তা, ১৫ নৱেম্বৰ : ৰাজ্যত পুনৰ গৰজি উঠিল অসম আৰক্ষীৰ বন্দুক। ধুবুৰী জিলাৰ বিলাসীপাৰাত তৃতীয়বাৰ আৰক্ষীৰ বন্দুকে অপৰাধীলৈ বৰষিলে গুলী। প্ৰাপ্ত বাতৰি মতে, বিলাসীপাৰা আৰক্ষীৰ মূৰৰ কামোৰণিৰ সৃষ্টি কৰা দুধৰ্ষ অপৰাধী তথা বিভিন্ন অপৰাধমুলক কাৰ্যত জৰিত আলী আকবৰে । যোৱানিশা বিলাসীপাৰা থানাৰ অন্তৰ্গত মাছপাৰাত আলী আকবৰে অবস্থান কৰাৰ বিষয়ে আৰক্ষীয়ে সম্ভেদ লাভ কৰে। সেই মতে, মহকুমা আৰক্ষী বিষয়া ড০ স্মৃতিৰাণী ফুকন আৰু থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তথা আৰক্ষী পৰিদৰ্শকৰ নেতৃত্বত নিশা ১২ বজাত অঞ্চলটোত অভিযান আৰম্ভ কৰে। প্ৰায় দুঘন্টা ধৰি চলা অভিযানত আলী আকবৰে আৰক্ষীৰ কবলৰ পৰা নিজকে ৰক্ষা কৰাৰ সকলো পথ হেৰুৱাই পলায়ন কৰিবলৈ লয়। অভিযানকাৰী দলটোৱে একাধিকবাৰ ৰবলৈ নিৰ্দেশ দিয়ে যদিও আলীয়ে নদীৰ পিনে দৌৰিবলৈ লয়। উপায়ন্তৰহৈ আৰক্ষীয়ে ৭ জাই গুলি আলীলৈ বৰ্ষণ কৰে। আৰু এদল আৰক্ষীয়ে আলীৰ পিছে পিছে খেদি যায়। এনেতে নদীৰ পাৰৰে দৌৰিবলৈ লোৱাত আলী বাগৰি পৰি যায়। পিছত আৰক্ষীৰ দলে আলীক অক্ষত অৱস্থাত আটক কৰি থানালৈ আনে। উল্লেখ্য যে, যোৱা ২৫ মেৰ পুৱতি নিশা বিলাসীপাৰা চহৰৰ ৮নং ৱাৰ্ড ভৈৰৱগঞ্জত ভাড়া ঘৰত শোৱাপাঠীতে শূন্য দুৰত্বৰ পৰা গুলিয়াই বাছেৰ আলী নামৰ যুৱ ব্যৱসায়িক হত্যা কৰিছিল। ব্যৱসায়ী জনৰ হত্যাকাৰীক শীঘ্ৰে কৰায়ত্ত কৰাৰ দাবীত বিভিন্ন দল-সংগঠনে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল। এনেকি ধুবুৰী জিলাৰ তদানিন্তন আৰক্ষী অধীক্ষকৰ লগতে বিলাসীপাৰা থানাৰ বিষয়া কৰ্মচাৰীক বদলিকৃত কৰা হৈছিল। যোৱা ৭ চেপ্তেম্বৰত বাছেৰ আলীৰ হত্যাকাণ্ডৰ মাষ্টাৰ মাইণ্ড আখিৰুল ইছলামক আৰক্ষীয়ে আটক কৰিছিল।আৰক্ষী সূত্ৰে জানিব পৰা মতে, একেটা হত্যাকাণ্ডত জৰিত আলী আকবৰক কৰায়ত্ত কৰিবলৈ ইমানদিনে আৰক্ষীয়ে সফলতা লাভ কৰা নাছিল। কিন্তু যোৱা নিশা আৰক্ষীৰ জালত দুধৰ্ষ অপৰাধী আলী আকবৰে ভৰি দি আৰক্ষীৰ হাতত কৰায়ত্ত হয়। উল্লেখ্য যে, ইয়াৰ পূৰ্বে ১৪ আগষ্টত ফুটকিবাৰী কাণ্ডত জৰিত ৰফিকুল ইছলামক শালকোচা খাচিখোৱাত আৰক্ষীয়ে এনকাউন্টাৰ কৰি আহত কৰিছিল। ইয়াৰ পাছতে ৩১ অক্টোবৰত শালকোচাৰ বেতবাৰীত লুকুৱাই ৰখা মৰণাস্ত্ৰ দেখুৱাবলৈ গৈ পলায়ণৰ চেষ্টা কৰোতে আৰক্ষীয়ে এনকাউন্টাৰ কৰি আহত কৰিছিল। যোৱা নিশা তৃতীয়বাৰৰ বাবে আৰক্ষীৰ বন্দুক গৰজি উঠিল।
প্ৰেৰক সমৰেশ শীল শৰ্মা