🔹 ১৮শ লিটাৰ ডিজেল, এখন তেলভৰ্তি টেংকাৰ জব্দ
🔹 ৯ চোৰাং ব্যৱসায়ীক জে’ল-হাজোতলৈ প্ৰেৰণ
নিয়মীয়া বাৰ্তা, ১১ আগষ্ট : শোণিতপুৰ জিলাৰ মিছামাৰী থানাৰ অন্তৰ্গত পুৰণা মিছামাৰীত কালি নিশা আৰক্ষীৰ এটা দলে অতৰ্কিতে অভিযান চলাই ১৮শ লিটাৰ ডিজেল, এখন তেলভৰ্তি টেংকাৰ উদ্ধাৰ কৰাৰ উপৰি ৯ চোৰাং তেল ব্যৱসায়ীক অভিযানকাৰী দলটোৱে গ্ৰেপ্তাৰ কৰা ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ উল্লেখ্য যে অঞ্চলটোত চোৰাং তেলৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান এয়াই প্ৰথম নহয়, অঞ্চলটোত চলি থকা চোৰাং পেট্ৰল-ডিজেলৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাই বৃহৎ সফলতা লাভ কৰি আহিছে ৷ পূৰ্বৰ দৰে কালি নিশাও আৰক্ষীৰ অভিযান সফল বুলি দাবী কৰিব পাৰি ৷ বিশেষ সূত্ৰে লাভ কৰা তথ্য অনুসৰি, শোণিতপুৰ জিলা আৰক্ষী আৰু মিছামাৰী থানাৰ আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি নিশা ১.৩০ বজাত অঞ্চলটোৰ পুৰণা মিছামাৰীত যৌথভাৱে অভিযান চলাই আৰু ৯ চোৰাং তেল ব্যৱসায়ীসহ ১৮শ লিটাৰ ডিজেল আৰু এ এছ- ১২ ই-৪৭৯৯ নম্বৰৰ এখন তেলভৰ্তি টেংকাৰ জব্দ কৰে ৷ ইয়াৰ উপৰি অভিযানকাৰী আৰক্ষীৰ দলটোৱে ডিজেল, পেট্ৰল আদি মজুত ৰখা সৰু-বৰ কেইবাটাও ড্ৰাম উদ্ধাৰ কৰে ৷ আৰক্ষীয়ে আটক কৰা ৯ চোৰাং তেল ব্যৱসায়ী হ’ল শিৱচৰণ ৰায়, ধনীলাল ঠাকুৰ, বাসন্তী শ্বাহ, বিন্দেশ্বৰ প্ৰসাদ, চুনু চৌধুৰী, বিজয় ৰায়, অখিলেশ ৰায়, চাহেব ৰায় আৰু টেনজিং চামটেন৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা চোৰাং তেল ব্যৱসায়ীসকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি আটাইকেইজনকে আজি জে’ল-হাজোতলৈ প্ৰেৰণ কৰে ৷
প্ৰেৰক বগা তপ্ন