মাজুলীৰ গড়মূৰ থানাত নিশা আৰক্ষীৰ বাহনত দুৰ্বৃত্তৰ অগ্নিসংযোগ
বিশেষ বাৰ্তা, ১১ ডিচেম্বৰ : মাজুলী জিলা গড়মূৰ সদৰ আৰক্ষী থানাত যোৱাৰাতি সংঘটিত হোৱা ঘটনাই সমগ্ৰ মাজুলী চাঞ্চল্য সৃষ্টি কৰিছে আৰু ঘটনাৰ সন্দৰ্ভত সচেতন মহলৰ তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে। ঘটনাৰ বিবৰনী মতে যোৱাৰাতি প্ৰায় ১২ বজাত গড়মূৰ সদৰ থানাৰ চৌহদ তথা থানাৰ গাড়ী ৰখা গেৰেজত দুখনকৈ বাহন অচিনাক্ত দুৰ্বৃত্তই অগ্নিসংযোগ কৰাত দাও দাওকৈ জ্বলি উঠে দুখনকৈ বাহন। ঘটনাক লৈ কালিৰে পৰা এই বাতৰি লিখা পৰলৈকে মাজুলীৰ সৰ্বতে সৰৱ চৰ্চা অব্যাহত আছে। থানাৰ চৌহদৰ গাড়ী ৰখা গেৰেজত আৰক্ষীৰ দুখন বাহন কেনেকৈ জ্বলি উঠিল সেই সন্দৰ্ভত বৰ্তমানলৈকে কোনো সঠিক তথ্য উদ্ধাৰ হোৱা নাই। ইফালে এই ঘটনাৰ বাবে মাজুলীৰ সচেতন নাগৰিক হত চকীত হৈ পৰিছে। সচেতন নাগৰিকে প্ৰশ্ন তুলিছে, প্ৰকৃততে গড়মূৰ সদৰ থানাৰ সেই সময়ত কৰ্তব্যৰত আৰক্ষী কত আছিল। নিশাৰ ভাগত থানাৰ মূল গেটত পহৰা দিয়াৰ ব্যৱস্থা ৰখা নাছিলনেকি? থানাৰ চিচি কেমেৰা নিজৰ চৌহদ কভাৰ নকৰৰ কাৰণ কি। মাজুলীৰ সচেতন নাগৰিক প্ৰশ্ন, যদি স্বয়ং আৰক্ষী থানাৰ চৌহদত নিৰাপত্তা নাই তেন্তে গ্ৰাম্যাঞ্চলৰ সাধাৰণ জনতাৰ নিৰাপত্তা কত বুলি ৰাইজ চিন্তিত হৈ পৰিছে। থানাৰ চৌহদত আৰক্ষীৰ গাড়ীত অগ্নি সংযোগ কাণ্ডই অসম চৰকাৰৰ স্মাৰ্ট আৰক্ষীৰ নগ্ন স্বৰূপ উদঙাই দিছে বুলি মাজুলীৰ সচেতন নাগৰিক তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । নিশা অগ্নি নিবাপক বাহিনীয়ে জুই নমুৱাবলৈ সক্ষম হোৱা গাড়ী দুখনৰ নম্বৰ ক্ৰমে AS-30 6173 , AS 30 7523। উল্লেখযোগ্য যে, মাজুলীৰ সদৰ গড়মূৰ আৰক্ষী থানাৰ নিজৰ চিচি কেমেৰাৰ দ্বাৰা এই কাণ্ডৰ কোনো ধৰণৰ সম্ভেদ লাভ কৰিব নোৱাৰাৰ পৰিপ্ৰেক্ষিতত গৰমূৰ থানাৰ সন্মুখৰ কাছিং নামৰ এখন ৰেষ্টুৰেণ্টত চিচি কেমেৰাৰ ফুটেজ অনুসৰণ কৰে আৰক্ষীয়ে। সেই ৰেস্তোৰেণ্টৰ চিচি কেমেৰাৰ ফুটেজৰ অনুসন্ধান ভিত্তিত গড়মূৰ থান সমীপৰৱৰ্তী খোনাচুক গাঁৱৰ দীপাংকৰ পাঠক নামে এজন যুৱকৰ আটক কৰিছে। কালি সংঘটিত হোৱা এই অগ্নিকাণ্ডৰ সন্দৰ্ভত গড়মূৰ সদৰ থানাত তৰা case no. 65 /24, U/S 326(f)/ 324(4) ,(5)/ (5) R/ W – 4 PDPP Act মতে আটক কৰা দীপাংকৰ পাঠকক সোধা পোছা অব্যাহত ৰাখিছে যদিও তেওঁ গড়মূৰ তিনিআলিত ফাষ্ট ফুডৰ কাৰীকৰৰ কাম সামৰি ঘৰলৈ উভতি যোৱা বুলিহে আৰক্ষীৰ আগত ব্যক্ত কৰিছে। ইফালে দীপাংকৰ ৰাজখোৱাৰ আটক কৰাৰ পাছত কিছু লোকে তেওঁ মানসিক বিকাৰগ্রস্ত বুলি সন্দেহ কৰি তেওঁৰ দ্বাৰা সংঘটিত কৰাৰ চৰ্চা অব্যাহত ৰাখিছে যদিও থানাত মাতৃৰ ভাষ্য অনুসৰি তেওঁৰ তেনে কোনো মানসিক ৰোগ নাই বুলি জানিবলৈ দিছে। আন এচাম লোকৰ মতে সদায় নিজ কৰ্মত একান্ত মনোযোগেৰে এখন ফাষ্ট ফুডৰ দোকানত কাৰীকৰৰ দৰে কৰ্মত আত্মনিয়োগ কৰা দীপাংকৰ খাদ্য ৰন্ধন প্ৰকৰণৰ কোনো ধৰণৰ বিসংগতি কৰা নাছিল বাবে বহুতো লোকে এক সুস্বাদু খাদ্য দীৰ্ঘদিনৰ পৰাই গ্ৰহণ কৰি আহিছে। এই বাতৰি লিখা পৰলৈকে ইতিমধ্যে আৰক্ষীয়ে আতকাধীন দীপাংকৰাক মেডিকেল পৰীক্ষাৰ বাবে পৰীক্ষাৰ যাৱতীয় ব্যৱস্থা কৰিছে আৰু মেডিকেল ৰিপোৰ্টৰ ভিত্তিত পৰৱৰ্তী কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হব।
প্ৰেৰক জীৱন বৰুৱা