নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এক্ট ইষ্ট পলিচীয়ে অসম তথা উত্তৰ–পূর্বাঞ্চলৰ বিকাশৰ দিশত নতুন দিগন্তৰ সূচনা কৰিছেঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা

নিয়মীয়া বাৰ্তা, ২৭ মেঃ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ বলিষ্ঠ নেতৃত্বত ভাৰত চৰকাৰে ৰূপায়ণ কৰা এক্ট ইষ্ট পলিচিয়ে অসম তথা উত্তৰ–পূর্বাঞ্চলৰ বিকাশৰ দিশত এক নতুন দিগন্তৰ সূচনা কৰিছে আৰু বর্তমান এই অঞ্চলটোৰ উন্নয়নৰ ক্ষেত্রত এক দৃষ্টান্তমূলক পৰিৱর্তন সাধন হৈছে৷ আজি মহানগৰীত আছিয়ান দেশসমূহৰ ৰাষ্ট্রদূত আৰু উচ্চায়ুক্তসকলৰ উপস্থিতিত অনুষ্ঠিত উত্তৰ–পূবৰ জৰিয়তে এক্ট ইষ্টৰ ওপৰত আয়োজিত সন্মিলনত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এইদৰে কয়৷ মুখ্যমন্ত্রী ড০ শর্মাই কয় যে এক্ট ইষ্ট পলিচিৰ জৰিয়তে উন্নয়নে যি মাত্রা লাভ কৰিছে তাৰ দ্বাৰা উত্তৰ–পূবৰ জনসাধাৰণে নিজকে ভাৰত চৰকাৰৰ বিভিন্ন উন্নয়নমূলক কার্যসূচীসমূহৰ সৈতে সংপৃক্ত কৰিব পাৰিছে৷ তেওঁ লগতে কয় যে এই এক্ট ইষ্ট পলিচিৰ পটভূমিত বর্তমানৰ ৰাজ্য চৰকাৰে অসমক আছিয়ান ব্লকৰ এক্সপ্রেছৱে আৰু গেটৱে হিচাপে গঢ়ি তুলিবলৈ প্রচেষ্টা অব্যাহত ৰাখিছে৷ মুখ্যমন্ত্রীয়ে কয় যে এক্ট ইষ্ট পলিচিৰ সার্থক ৰূপায়ণৰ দিশত অধিক দ্রুততাৰে আগুৱাই যাব পৰাকৈ এই পদক্ষেপৰ অংশ হিচাপে অসম চৰকাৰৰ এক্ট ইষ্ট পলিচি বিভাগে আজিৰ এই সন্মিলনৰ আয়োজন কৰিছে৷ ইয়ে অসমৰ এই ভৌগোলিক খণ্ডক আছিয়ান দেশসমূহৰ সৈতে নিৰন্তৰ প্রচেষ্টাৰে অব্যাহত ৰখা অর্থনৈতিক সহযোগিতা, যোগাযোগ, বাণিজ্য আৰু বিনিয়োগৰ শক্তিশালীকৰণৰ ক্ষেত্রত এক গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিব৷ মুখ্যমন্ত্রী ড০ শর্মাই কয় যে প্রধানমন্ত্রী মোদীৰ গতিশীল আৰু দূৰদর্শী নেতৃত্বত ২০১৪ চনৰ পৰা উত্তৰ–পূর্বাঞ্চলৰ দ্রুত পৰিৱর্তন সম্ভৱ হৈ উঠিছে আৰু এক ফাষ্টৰ লক্ষ্যৰে প্রধানমন্ত্রীয়ে উত্তৰ–পূর্বাঞ্চলৰ জনসাধাৰণক নতুন আশা, শক্তি প্রদান কৰিছে৷ তেওঁ কয় যে কেন্দ্রীয় চৰকাৰৰ বিভিন্ন উন্নয়নমূলক প্রকল্পই আজি উত্তৰ–পূর্বাঞ্চলক আছিয়ান দেশসমূহৰ দুৱাৰমুখ হিচাপে পৰিগণিত কৰাৰ পথ প্রশস্ত কৰিছে৷ মুখ্যমন্ত্রীয়ে কয় যে কেন্দ্রীয় চৰকাৰে উত্তৰ–পূব তথা ইয়াৰ জনসাধাৰণৰ প্রতি অব্যাহত ৰখা উন্নয়নমুখী ধাৰাটোৱে প্রমাণ কৰিছে যে এই অঞ্চলটো ভাৰতৰ পৰিধিতেই নহয়, প্রকৃততে ই দক্ষিণ–পূব এছিয়াৰ দ্রুততম উদীয়মান দেশসমূহৰ ব্যৱসায় আৰু বাণিজ্যিক কেন্দ্র হিচাপে পৰিগণিত হোৱাৰ সম্ভাৱনা প্রকট কৰিছে৷ সেইবাবে অসম চৰকাৰে আছিয়ান আৰু দক্ষিণ–পূব এছিয়াৰ দুৱাৰমুখ আৰু এক্সপ্রেছ পথ হিচাপে অসমক পৰিগণিত কৰাৰ বাবে নিৰন্তৰ কাম কৰি আহিছে৷ চৰকাৰে অসমক এক ঔদ্যোগিক কেন্দ্র হিচাপে গঢ়ি তোলাৰ বাবে দৃঢ়তাৰে প্রয়াস চলাইছে৷ ইয়াৰ ফলত কেৱল এই অঞ্চলটোতে নহয়, বিবিএন আৰু আছিয়ান দেশসমূহৰ জনসাধাৰণৰ বাবেও সেৱা আগববাবলৈ সক্ষম হব বুলি তেওঁ কয়৷ এছিয়ান দেশসমূহৰ সৈতে উত্তৰ–পূর্বাঞ্চলৰ ভৌগোলিক নিকটতাৰ ওপৰত বক্তব্য ৰাখি মুখ্যমন্ত্রীয়ে কয় যে ম্যানমাৰ, চীন, ভূটান, নেপাল আৰু বাংলাদেশৰ দৰে দেশসমূহৰ সৈতে আমাৰ আন্তঃৰাষ্ট্রীয় সীমাৰ দূৰত্ব ৫৩০০ কিঃমিঃতকৈও কম৷ প্রকৃতার্থত উত্তৰ–পূব হৈছে দক্ষিণ–পূব এছিয়াৰ দেশসমূহলৈ ভাৰতবর্ষৰ দুৱাৰমুখ আৰু মই বিশ্বাস কৰোঁ যে যোগাযোগ ব্যৱস্থাৰ শক্তিশালীকৰণে এছিয়ান দেশসমূহৰ সৈতে আমাৰ যৌথ উন্নয়নে এক গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিব– মুখ্যমন্ত্রীয়ে কয়৷ মুখ্যমন্ত্রীয়ে কয় যে যোৱা ৭-৮ বছৰত আছিয়ান দেশসমূহৰ সৈতে ভাৰতৰ যোগাযোগ দ্রুত গতিত বৃদ্ধি পাইছে৷ বাণিজ্যিক সম্পর্ক অধিক সুদৃ হৈছে, বিনিয়োগ ব্যৱস্থা যথেষ্ট বৃদ্ধি পাইছে আৰু দক্ষিণ–পূব এছিয়াৰ সৈতে উত্তৰ–পূবৰ যোগাযোগ ব্যৱস্থা বাস্তৱত পৰিণত হোৱাৰ দিশে দ্রুত গতিত অগ্রসৰ হৈছে৷ তেওঁ কয় যে অসমত আইন–শৃংখলা যথেষ্ট উন্নত হৈছে৷ সশস্ত্র বাহিনীৰ বিশেষ ক্ষমতা আইন প্রত্যাহাৰ কৰা হৈছে৷ উত্তৰ আৰু দক্ষিণপাৰৰ জনসাধাৰণৰ যাতায়াত ব্যৱস্থা সুগম কৰাৰ বাবে ব্রহ্মপুত্রৰ ওপৰত দলং নির্মাণকে ধৰি উন্নয়ন সাধন কৰা হৈছে বুলি তেওঁ কয়৷ মুখ্যমন্ত্রীয়ে কয় যে অসমে ৰাজ্যখনৰ জৈৱ বৈচিত্র সংৰক্ষণ আৰু সেউজ শক্তি উৎপন্ন কৰি প্রকৃতিৰ সৈতে সহাৱস্থানেৰে ৰাজ্যখনৰ উন্নয়নৰ বাবে এক ৰোড মেপ প্রস্তুত কৰাৰ দিশত অগ্রসৰ হৈছে৷ উৰাণ আন্তঃৰাষ্ট্রীয় আঁচনিৰ অধীনত কমেও ৬ খন আছিয়ান দেশৰ সৈতে সংযোগ সাধন কৰা হব বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে ইয়াৰ জৰিয়তে অসম চৰকাৰে আছিয়ান দেশসমূহৰ সৈতে এক নতুন অর্থনৈতিক সহযোগিতা গিি তোলাৰ বাবে অগ্রসৰ হৈছে৷ তেওঁ লগতে কয় যে আছিয়ান ৰাষ্ট্রসমূহৰ সৈতে এক সুদৃ আৰু বহনক্ষম সহযোগিতা গঢ়ি তোলাৰ বাবে অসম চৰকাৰে আন্তৰিকতাৰে কাম কৰি আছে৷ ছিংগাপুৰ উচ্চায়ুক্ত চাইমন উয়ে কুয়েনে উত্থাপন কৰা বিষয় সন্দর্ভত মুখ্যমন্ত্রীয়ে উত্তৰ–পূর্বাঞ্চল আৰু ইয়াৰ বর্হিৰাজ্যৰ জনসাধাৰণৰ সা–সুবিধাৰ দিশটোৰ প্রতি লক্ষ্য ৰাখি গুৱাহাটী মহানগৰীৰ সম্প্রসাৰণৰ বাবে ছিংগাপুৰৰ সহযোগিতা বিচাৰে৷ আজিৰ এই অনুষ্ঠানত উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে অসমত পর্যাপ্ত বিনিয়োগৰ সম্ভাৱনাৰ বিষয়ে আলোকপাত কৰে৷ পথ, ৰেলপথ, বিমান পৰিবহন আৰু ইণ্ঢাৰনেট সংযোগৰ ক্ষেত্রত আন্তঃগাঁথনি উন্নয়নৰ বিভিন্ন দিশ সামৰি তেওঁ কয় যে এক্ট ইষ্ট পলিচি ঘোষণা কৰাৰ পূর্বে অসমক ভাৰতৰ শেষ প্রান্ত হিচাপে গণ্য কৰা হৈছিল৷ কিন্তু এই এক্ট ইষ্ট পলিচিয়ে সেই ধাৰণাটো সলনি কৰি অসমক আছিয়ান দেশসমূহৰ সৈতে ভাৰতৰ কেন্দ্র বিন্দু হিচাপে গণ্য কৰা হৈছে৷ মন্ত্রীগৰাকীয়ে লগতে আছিয়ান দেশসমূহৰ ৰাষ্ট্রদূত আৰু উচ্চায়ুক্তসকলক জি টু বি আৰু বি টু বি বৈঠকৰ বাবে তেওঁলোকৰ ব্যৱসায়িক প্রতিনিধিসকলক অসমলৈ প্রেৰণ কৰিবলৈ অনুৰোধ জনায়৷ প্রধানমন্ত্রীৰ অর্থনৈতিক উপদেষ্টা পৰিষদৰ সদস্য সঞ্জীৱ সন্যাল, মুখ্য সচিব জিষ্ণু বৰুৱা, বৈদেশিক পৰিক্রমা মন্ত্রালয়ৰ যুটীয়া সচিব গীতিকা শ্রীবাস্তব, ভাৰতস্থ ছিংগাপুৰৰ উচ্চায়ুক্ত চাইমন উয়ে কুয়েন, এছ আই চি চি আই উত্তৰ–পূব উপদেষ্টা পৰিষদৰ অধ্যক্ষ ৰঞ্জিত বৰঠাকুৰেও অনুষ্ঠানত ভাষণ প্রদান কৰে৷ এই বৈঠকৰ পিছত মুখ্যমন্ত্রীয়ে সঞ্জীৱ সন্যালৰ সৈতে অসমৰ অর্থনৈতিক বিকাশ আৰু উন্নয়ন সম্পর্কীয় বিভিন্ন বিষয় সম্পর্কত আলোচনাত মিলিত হয়৷

You might also like