নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘ৰাজনীতি মোৰ পৃথিৱী নহয়’ : কিয় কলে ছানী দেউলে

বিশেষ বাৰ্তা, ১৫ ছেপ্টেম্বৰ : অভিনেতা ছানী দেউলে ৯০ৰ দশকত ইখনৰ পিছত সিখনকৈ ছুপাৰহিট ছবি দিছিল। যোৱা মাহত মুক্তি পোৱা ছানী দেউলৰ ছবি গদৰ-২ বক্স অফিচত বিপুল সফলতা লাভ কৰি ৫০০ কোটিৰো অধিক উপাৰ্জন কৰিছিল। ছানী দেউল এগৰাকী অভিনেতা আৰু বৰ্তমান পঞ্জাৱৰ গুৰদাসপুৰৰ বিজেপি লোকসভাৰ সাংসদ। ইফালে শেহতীয়াকৈ লোকসভা নিৰ্বাচন সন্দৰ্ভত এটা নিউজ চেনেলত তেওঁৰ বক্তব্য শিৰোনাম দখল কৰিছে। ইণ্ডিয়া টিভিৰ সাপ্তাহিক অনুষ্ঠান আপ কী আদালতত বহু বিষয়ত মুকলিকৈ ভাষণ দিছিল বিজেপি সাংসদগৰাকীয়ে। ইয়াৰ বাবেই তেওঁৰ লোকসভাত উপস্থিত থকা সন্দৰ্ভতো প্ৰশ্ন উত্থাপন হৈছিল। ২০১৯ চনত সাংসদ হোৱাৰ পিছত মাত্ৰ ১৯ বাৰহে সংসদলৈ গৈছে ছানী দেউল। এই প্ৰশ্নৰ ওপৰত ছানীয়ে স্বীকাৰ কৰে যে সংসদত তেওঁৰ উপস্থিতি নগণ্য, ইয়াৰ লগতে তেওঁ জনসাধাৰণৰ ওচৰতো ক্ষমা বিচাৰিছিল আৰু ২০২৪ চনৰ লোকসভা নিৰ্বাচন সন্দৰ্ভত এটা ডাঙৰ ঘোষণা কৰাৰ সময়ত আনকি তেওঁ কৈছিল যে ‘ৰাজনীতি মোৰ পৃথিৱী নহয়’। শ্ব’টোৰ এংকৰ ৰজত শৰ্মাই ২০২৪ চনৰ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বিষয়ে সোধাত তেওঁ নিঃসংকোচে কয় যে ‘মই প্ৰতিদ্বন্দ্বিতা কৰিব নিবিচাৰো’। যেতিয়া তেওঁক প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ক’লেও নিৰ্বাচনত অৱতীৰ্ণ নহ’ব বুলি কোৱা হৈছিল? এই সন্দৰ্ভত সাংসদগৰাকীয়ে উত্তৰ দিলে যে মোদীজীয়েও বুজি পাইছে যে ছানীয়ে অভিনেতা হিচাপে দেশক অধিক সেৱা আগবঢ়াইছে। তেওঁ কয় যে জনসাধাৰণেও বিচাৰিব যে মই ভাল ছবি দিব লাগে যাতে মানুহক অনুপ্ৰাণিত কৰিব পাৰোঁ। এই বক্তব্যৰ ভিত্তিত দেখা গৈছে যে আগন্তুক সাধাৰণ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ পক্ষত ছানী দেউল নাই। ইয়াৰ আগতেও তেওঁ বহু ঠাইত এনেধৰণৰ বক্তব্য দিছিল। ছুপাৰষ্টাৰ ধৰ্মেন্দ্ৰৰ পুত্ৰ ছানী দেউলে ২০১৯ চনত প্ৰথমবাৰৰ বাবে ৰাজনীতিত প্ৰৱেশ কৰিছিল। বিজেপিৰ টিকটত পঞ্জাৱৰ গুৰদাসপুৰৰ পৰা নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা কৰি জয়লাভ কৰি লোকসভাত উপস্থিত হয়। এই নির্বাচনত ছানীয়ে কংগ্ৰেছৰ সুনীল জাখৰক প্রায় ৮ হাজাৰ ভোটৰ ব্যৱধানত পৰাস্ত কৰে৷ এই নিৰ্বাচনত অভিনেতাগৰাকীয়ে লাভ কৰে ৫০.৬১ শতাংশ ভোটৰ অংশ। আনহাতে দ্বিতীয় স্থানত থকা কংগ্ৰেছে ৪৩.১৪ শতাংশ ভোটৰ অংশীদাৰিত্ব আৰু আপে ২.৫১ শতাংশ ভোটৰ অংশীদাৰিত্ব লাভ কৰে।

You might also like