নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণাৰিৰ পলষ্টাৰ একাডেমীত প্ৰথমবাৰৰ বাবে সৰস্বতী পূজা

বিশেষ বাৰ্তা, ৩ জানুৱাৰী : সোণাৰি নগৰৰ অন্যতম শৈক্ষিক প্ৰতিষ্ঠান পলষ্টাৰ একাডেমীত এইবাৰ প্ৰথমবাৰৰ বাবে সৰস্বতী পূজাৰ আয়োজন কৰা হয় । বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে মাত্ৰ তিনি দিনৰ ভিতৰত নিজ হাতে সৰস্বতী প্ৰতিমা নিৰ্মাণ কৰি সকলোকে আচৰিত কৰে। এই প্ৰতিমা নিৰ্মাণৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে সৃষ্টিশীলতা আৰু দলগত কামৰ দক্ষতাৰ পৰিচয় দিছে। সৰস্বতী পূজা উপলক্ষে বিদ্যালয়খনত আজি এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হৈছে। পূজাৰ দিনা বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী আৰু অভিভাৱকসকলে একেলগে উৎসৱত অংশগ্ৰহণ কৰিছে। পূজা আৰু প্ৰাৰ্থনাৰ জৰিয়তে জ্ঞান আৰু বিদ্যাৰ দেৱী সৰস্বতীৰ ওচৰত  আশীৰ্বাদ বিচাৰিছে সকলোৱে। পলষ্টাৰ একাডেমীৰ অধ্যক্ষ তপতী ভট্টাচাৰ্যই এই অনুষ্ঠানৰ সফলতাৰ বাবে ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলক অভিনন্দন জনাইছে। তেওঁ কয়- “এই পূজা অনুষ্ঠানে আমাৰ বিদ্যালয়ত এক নতুন পৰম্পৰাৰ সূচনা কৰিলে। ছাত্ৰ-ছাত্ৰীসকলৰ সৃষ্টিশীলতা আৰু উৎসাহে সকলোকে অনুপ্ৰাণিত কৰিছে।” এই প্ৰথমবাৰৰ সৰস্বতী পূজা উৎসৱে বিদ্যালয়ৰ সাংস্কৃতিক আৰু ধাৰ্মিক পৰম্পৰাক সমৃদ্ধ কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত একতা আৰু সহযোগিতাৰ ভাবনাৰ সৃষ্টি কৰিছে। সকলোৰে আশা- আগলৈও এনেধৰণৰ অনুষ্ঠানে বিদ্যালয়ৰ পৰিৱেশ আৰু অধিক সুন্দৰ কৰি তুলিব।

প্ৰেৰক দীপাংকৰ পাল

You might also like