নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনাৰ পথত পুখুৰীসদৃশ গাঁত

নিয়মীয়া বাৰ্তা, ঢকুৱাখনা,১জুলাই: ভালুকৰ সাঙীত পৰিণত হৈছে ৰাজ্যৰ উন্নয়ণ। ৰাজ্যৰ বাট-পথ উন্নয়ণৰ নামত চৰকাৰে যিমানেই বৰঢোল নবজাওক কিয়, এতিয়াও ৰাজ্যৰ বিভিন্ন প্ৰান্তত পথৰ দুৰৱস্থাৰ বাবে দুৰ্ভোগ ভূগি আহিছে সাধাৰণ জনতাই। ঢকুৱাখনা সমষ্টিৰ অতি ব্যস্ত এটা বিশেষ পথে উদঙাইছে উন্নয়ণৰ প্ৰকৃত ছবি। এজাক বৰষুণতে পথাৰসদৃশ হৈ পৰা পথচোৱা দেখিলে আপুনিও হয়তো ক’বলৈ বাধ্য হ’ব এয়াইনে উন্নয়ন। ঢকুৱাখনা ক্ষেত্ৰীয় লোকনিৰ্মান বিভাগৰ অধীনস্থ ঢকুৱাখনা-ঘিলামৰা ৰাজ্যিক ঘাইপথৰ পৰা হিলৈদাৰী- দীঘলা গাঁও হৈ মানিকাচুক পৰ্যন্ত পথছোৱা বৰ্তমান জহি-খহি প্ৰায় সম্পূৰ্ণ বিধ্বস্ত হৈ মৰণফাণ্ডলৈ পৰ্যবসিত হৈছে। প্ৰায় ৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ গুৰুত্বপূৰ্ণ পথটো প্ৰয়োজনীয় মেৰামতিৰ অভাৱত বিধ্বস্ত হৈ পৰাত ৰাইজ যাতায়াতৰ ক্ষেত্ৰত নিতৌ নানা সমস্যাৰ সন্মুখীন হবলগীয়া পৰিস্থিতি সৃষ্টি হৈছে। পথৰ মাজত সৃষ্টি হৈছে বৃহৎ-বৃহৎ পুখুৰী সদৃশ গাঁতৰ।এজাক বৰষুণ পৰিলেই এই পুখুৰী সদৃশ গাঁতবিলাকত পানী জমা হৈ বোকা-পানীৰে উপচি গুৰুত্বপূৰ্ণ পথছোৱা ৰাইজৰ বাবে পৰ্যবসিত হয় মৰণফাণ্ডলৈ । ফলত উক্ত বিধস্ত পথছোৱাৰে অহা-যোৱা কৰি বৰ্তমান ৰাইজে চৰম যমৰ-যাতনাৰ সন্মুখীন হৈছে ।বিগত কেইবাদিনো ধৰি হোৱা বৰষুণৰ ফলত বোকা-পানীৰ মাজেৰেই বৃহত্তৰ অঞ্চলটোৰ বাসিন্দা, ছাত্র-ছাত্ৰীয়ে যমৰ যাতনা ভূগি নিতৌ অহা-যোৱা কৰিবলগা হৈছে এই পথটোৰে।কিন্তু এইবোৰ দেখিও নেদেখাৰ ভাও ধৰিছে বিভাগীয় কৰ্তৃপক্ষ, বিধায়ক কিম্বা স্থানীয় জনপ্ৰতিনিধিসকলে। ঢকুৱাখনা ক্ষেত্ৰীয় লোকনিৰ্মাণ বিভাগৰ বিষয়া-অভিযন্তাই এই গুৰুত্বপূৰ্ণ পথটোৰ প্ৰতি চৰম দায়িত্বহীনতা প্ৰদৰ্শন কৰাত ৰাইজে তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰিছে।যি সময়ত মুখ্যমন্ত্ৰীয়ে কঠোৰ নিৰ্দেশনা দিছে, উন্মুক্ত গাঁত দেখাৰ লগে লগে প্ৰশাসনক অৱগত কৰিবলৈ আহ্বান জনাইছে, সেই আহ্বানৰ প্ৰতি যেন ঢকুৱাখনা ক্ষেত্ৰীয় পথ সংমণ্ডলৰ বিষয়া-অভিযন্তাৰ গুৰুত্ব দিয়া নাই । ইফালে, যিমানেই ধাৰাষাৰ বৰষুণ দিছে সিমানেই এতিয়া অঞ্চলটোৰ ৰাইজৰ বিলাই-বিপত্তি নোহোৱা হৈছে । কাৰণ বৰষুণৰ পানী ফলত পথৰ মাজত থকা গাঁতসমূহত পানী জমা হোৱাত নিশা পথচাৰীয়ে যাত্ৰা কৰাত সমস্যাৰ সন্মুখীন হৈছে ।অতি সোনকালে বিভাগীয় কৰ্তৃপক্ষক পথচোৱা মেৰামতি কৰি যাতায়তৰ উপযোগী কৰি দিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে ।এইক্ষেত্ৰত স্থানীয় বিজেপিৰ বিধায়ক নৱ কুমাৰ দলেৰ জৰুৰী হস্তক্ষেপ কামনা কৰিছে। অন্যথা তীব্ৰ অন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰো হুংকাৰ দিছে ৰাইজে ।

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like