বৈদুৰ্য বৰুৱাৰ বিস্ময়ৰ জনপ্ৰিয় চৰিত্ৰ চেণ্টুদা আৰু নাই
বিশেষ বাৰ্তা, ১৫ নৱেম্বৰ : তিনিচুকীয়াৰ লেখক বৈদুৰ্য্য বৰুৱাৰ বিস্ময়ৰ জনপ্ৰিয় চৰিত্ৰৰ চেণ্টুদা আৰু নাই৷ তিনিচুকীয়াৰ সকলোৰে পৰিচিত সহজ, সৰল মনৰ গৰাকী চেণ্টুদাৰ প্ৰায় ৮৫ বছৰ বয়সত বৃহস্পতিবাৰে সন্ধিয়া দেহাৱসান ঘটে। চেণ্টুদা দীৰ্ঘদিনৰ পৰা এক ৰোগত আক্ৰান্ত হৈ আছিল। শেহতীয়াকৈ কিছুদিনৰ পৰা তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল চেণ্টুদা। বৃহস্পতিবাৰে সন্ধিয়া চেণ্টু দাৰ দেহাৱসান ঘটাৰ কথাটো বিয়পি পৰাৰ পাছতে চৌদিশে শোকৰ ছাঁ পৰে। বিভিন্নজনে চেণ্টুদাৰ কাষত গৈ থিয় দিয়াৰ লগতে বহুতে সামাজিক মাধ্যমত চেণ্টুদাৰ আত্মাৰ সদগতি কামনা কৰাৰ লগতে ৰোমন্থণ কৰিছে চেণ্টুদাৰ স’তে মধুৰ স্মৃতিসমূহ। আচলতে চেণ্টুদা প্ৰকৃততে ডিব্ৰুগড়ৰ জিলাৰ যদিও বহু বছৰ পূৰ্বে বাণিজ্যিক চহৰ তিনিচুকীয়ালৈ আহে। বাণিজ্যিক চহৰ তিনিচুকীয়াত আহি চহৰখনৰ লোকপ্ৰিয় গোপিনাথ বৰদলৈ (GNB) পথত এখন চাহ, লুচিৰ হোটেল খোলে। সহজ, সৰল মনৰ গৰাকী হোৱা হেতুকে চেণ্টু দাৰ হোটেলখনলৈ সকলোকে আকৰ্ষণ কৰে। চেণ্টু দাই বনাই দিয়া লুচি, তৰকাৰী সাক্ষী তিনিচুকীয়াৰ বহু গণ্য মান্য, প্ৰভাৱশালী ব্যক্তি। সমান্তৰালভাৱে একাংশ পৰিচিত ব্যক্তিৰ, শৈক্ষিক মহ’লৰ আদ্দাৰ স্থান আছিল চেণ্টুদাৰ হোটেল৷ তিনিচুকীয়াৰ লেখক বৈদুয্য বৰুৱাই চেণ্টুদাক অন্য এক ৰূপেৰে পৰিচয় দিয়াৰ পাছত বহুতে আহিছিল চেণ্টু দাক লগ কৰিবলৈ, এবাৰ চাবলৈ। বৃহস্পতিবাৰে সন্ধিয়া চেণ্টুদাৰ দেহাৱসান ঘটাৰ খৱৰটো পাই শোকত ম্ৰিয়মান হৈ পৰে লেখক বৈদুয্য বৰুৱা। বৰুৱাই কয় যে, চেণ্টু দাৰ লগত বিভিন্ন কথা আলোচনা কৰোঁ যদিও মোৰ দেউতাৰ নিচিনা আছিল। এসময়ত চেণ্টু দাৰ হোটেলতে আদ্দা মৰাৰ লগতে কৰিছিলোঁ লিখামেলা। তেনে সময়তে বিস্ময়ত এক চৰিত্ৰত চেণ্টুদাৰ নামেৰে এক চৰিত্ৰ লিখি উলিওৱাত সকলোৱে আদৰি লয় আৰু চেণ্টুদা অন্য এক ৰূপত পৰিচিত হৈ পৰে। মই জীয়াই থকালৈকে চেণ্টু দাকো জীয়াই ৰাখিম। হয়টো কিছুদিন লিখিবলৈ হাত কোচ খাই যাব পাৰে, কিন্তু মই জীয়াই ৰাখিম। সমান্তৰালভাৱে, তিনিচুকীয়া অসামৰিক চিকিৎসালয়ৰ সঞ্চালক ডা° মৃদুল গগৈয়েও চেণ্টু দাৰ স’তে কটোৱা মধুৰ স্মৃতিসমূহ ৰোমন্থন কৰে আৰু তেওঁৰ আত্মাৰ সদগতি কামনা কৰে।
প্ৰেৰক বিবেক বড়া