নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বেহাৰবাৰী আউটপোষ্টৰ জনপ্ৰিয় চৰিত্ৰ বসুমতাৰীৰ দেহাৱসান

নিয়মীয়া বাৰ্তা, ২৩ এপ্ৰিল : জনপ্ৰিয় টিভি ধাৰাবাহিক “বেহাৰবাৰী আউটপোষ্ট”ৰ জনপ্ৰিয় চৰিত্ৰ “বসুমতাৰী” তথা ফেইলাও বসুমতাৰীৰ (৫৫) যোৱানিশা মৃত্যু হয়। দীৰ্ঘদিন ধৰি যকৃৎ ৰোগত আক্ৰান্ত হৈ থকা “বসুদা” ওৰফে ফেইলাও বসুমতাৰীৰ যোৱানিশা গুৱাহাটীস্থিত ডাউন টাউন হস্পিটালত মৃত্যু হয়।

আজি পুৱাৰ ভাগত বাক্সাৰ লাউখাটা বাঘাজানীৰ নিজ বাসগৃহত শিল্পীগৰাকীৰ নশ্বৰ দেহ  অনাৰ পিছত সমগ্ৰ অঞ্চলটোত এক শোকাকুল পৰিবেশৰ সৃষ্টি হয় আৰু অজস্ৰ গুণমুগ্ধই তেওঁৰ নশ্বৰ দেহত শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

প্ৰয়াত ৰবিৰাম বসুমতাৰী আৰু মাধুৰীবালা বসুমতাৰীৰ সাতটা সন্তানৰ ভিতৰত পঞ্চম সন্তান প্ৰয়াত  ফেইলাও বসুমতাৰীয়ে অভিনয়ৰ সমান্তৰালকৈ সংগীটো পৰিৱেশন কৰিছিল। বাক্সাৰ শিমলাস্থিত ককলাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰা প্ৰয়াত শিল্পীগৰাকীয়ে পৰিয়ালৰ আৰ্থিক দুৰৱস্থাৰ বাবে বাদ্যযন্ত্ৰ কিনিব পৰা নাছিল যদিও সংগীতৰ প্ৰতি থকা অপৰিসীম আগ্ৰহৰ বাবে বাক্সাৰ শিমলাৰে শিল্পী যোগেন দাসৰ হাৰমনিয়াম ঘৰলৈ নি নিজে নিজে সংগীত চৰ্চা কৰিছিল। অৱশ্যে পিছত তেওঁ সংগীতৰ বিশাৰদ (ভোকেল) উত্তীৰ্ণ হৈছিল।

জানিব পৰা মতে প্ৰথমাৱস্থাত তেওঁ বাক্সাৰ শিমলাত কাপোৰৰ ব্যৱসায় কৰিছিল যদিও পিছত কাপোৰৰ ব্যৱসায় বাদ দি গুৱাহাটীলৈ গৈছিল। তাৰোপৰি জানিব পৰা মতে জুবিন গাৰ্গক প্ৰথম তেৱেঁই বড়ো গীত গোৱাইছিল। উল্লেখ্য যে শিমলাস্থিত কে চি সংগীত বিদ্যালয়ৰ লগতো তেওঁ ওতঃপ্ৰোতভাবে জড়িত আছিল। গীতিকাৰ, সুৰকাৰ তথা অনাতাঁৰ শিল্পীগৰাকীৰ  অন্ত্যেষ্টিক্ৰিয়া নিজ গাঁওতে বড়ো ৰীতি নীতিৰে সম্পন্ন কৰা হয় আৰু প্ৰয়াত শিল্পীগৰাকীৰ নশ্বৰ দেহত প্ৰাক্তন বিধায়ক থানেশ্বৰ বসুমতাৰী, চিকে আঞ্চলিক বড়ো ছাত্ৰ সন্থাৰ নেতৃবৃন্দ, বড়ো সাহিত্য সভা, শিমলাস্থিত কে চি  সংগীত বিদ্যালয়ৰ সমূহ কৰ্মকৰ্তা, বডো চিনে আৰ্টিষ্ট এচোছিয়েশ্যনৰ সভাপতি বিজু বসুমতাৰী, ইউ পি পি এলৰ নেতা ফৈলাও জে বৰগয়াৰীকে ধৰি বিভিন্ন লোকে শিল্পীগৰাকীৰ নশ্বৰ দেহত শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। প্ৰয়াত বসুমতাৰীয়ে মৃত্যুৰ সময়ত পত্নী, পুত্ৰ-জীয়ৰীকে ধৰি আত্মীয়-স্বজন আৰু অজস্ৰ গুণমুগ্ধক ইহ সংসাৰত এৰি যায়।

প্ৰেৰক দিগন্ত দাস

You might also like