চিন্তনীয়ঃ দেশত প্ৰতিদিনে ৩৬৬৬২গৰাকী জনসংখ্যা বৃদ্ধিঃ অনাগত দহ বছৰত এইদৰেই থাকিলে জনসংখ্যা বৃদ্ধি পাব ১৩,৩৮,১৬,৫০০
নিয়মীয়া বাৰ্তা , ২৬ মাৰ্চ : বিশ্বৰ বৃহত্তম নদীদ্বীপ, সত্ৰীয়া সংস্কৃতিৰ পীঠস্থান, বাৰেৰহণীয়া জাতি-জনগোষ্ঠীৰ মিলনভূমি, অসমী আইৰ নুমলীয়া জী মাজুলী। এই পুণ্য পবিত্ৰ স্বভূমিত জনসংখ্যা সমাধান ফাউণ্ডেচন, মাজুলী জিলা সমিতিৰ প্ৰথমখন কাৰ্যনিৰ্ৱাহক সভা সোণাৰিআটী নৱজ্যোতি কৃষ্টি সংঘ মাজুলীত অনুষ্ঠিত হয়। এই উপলক্ষে আজি অনুষ্ঠিত কাৰ্যনিৰ্বাহক সভাখনত সভাপতিত্ব কৰে মাজুলী জিলা সমিতিৰ সভাপতি বিতোপন দলেই ৷ সভাত অভিভাষণ প্ৰদান কৰি সভাপতি গৰাকীয়ে কয় ভাৰত বৰ্ষ বৰ্তমান জনবিস্ফোৰণৰ কবলত পৰিছে ৷ দেশত প্ৰতিদিনেই বৃদ্ধি হোৱা জনসংখ্যা প্ৰায় ৩৬,৬৬২ গৰাকী এই দৰে জন বিস্ফোৰণ হলে আগন্তুক ১০ টা বছৰত দেশত ১৩,৩৮,১৬,৫০০ জনসংখ্যা বৃদ্ধি হব যিটো আমাৰ বাবে আটাইকৈ চিন্তনীয় বিষয় । এই জনসংখ্যা বৃদ্ধিৰ বাবেই দেশত বৃদ্ধি পোৱা দৰিদ্ৰতা, মূল্যবৃদ্ধি, ক’লা বজাৰ দূৰ্নীতি, নিবনুৱা সমস্যা, জনসংখ্যা নিম্নগামী মানদণ্ড, হত্যা হিংসা, চুৰি ডকাইতি ধৰ্ষণ অপহৰণ সন্ত্ৰাসবাদ সেউজীয়া আবৰণৰ সংকোচন বেদখল উষ্ণতাৰ বৃদ্ধি জলবায়ুৰ পৰিবৰ্তন বায়ু প্ৰদুষণ যান-জট, ভিক্ষা বৃত্তি খিলঞ্জিয়াৰ ৰাজনৈনিক সাংস্কৃতিক অধিকাৰ খৰ্ব, গোষ্ঠী সংঘাত আদিৰ দৰে সকলো বিষম পৰিস্থিতিৰ মূল কাৰনেই হল জনবিস্ফোৰণ । ভাৰতৰ জনবিস্ফোৰণ বিসংগতি পূৰ্ণ আৰু জনবিস্ফোৰণৰ বাবেই আমি এখন গৃহ যুদ্ধৰ দিশে আগবাঢ়িছো বুলি ফাউণ্ডেচনৰ মাজুলী জিলা সমিতিৰ সভাপতি বিতোপন দলেই গুৰুত্বপূৰ্ণ মন্তব্য কৰা পৰিলক্ষিত হয় । সভাত বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকি জনসংখ্যা সমাধান ফাউণ্ডেচনৰ অসম প্ৰদেশৰ মুখ্য সচিব মনজ্যোতি বৰাই কয় দেশত বৃদ্ধি হোৱা জনবিস্ফোৰণৰ বাবে দিশৰ অখণ্ডতা আৰু সভ্যতা , সংস্কৃতি ঐতিহ্য ৰক্ষা কৰিবলৈ এখন কঠোৰ জনসংখ্যা আইন আৰু সমান নাগৰিক বিধি সংহিতাৰ অতিব প্ৰয়োজন আৰু এই উদ্দেশ্য আগত ৰাখি দেশক ভাল পোৱা নাগৰিকৰ উদ্যোগত ২০১৭ চনৰ ৬ মাৰ্চত ৰাজধানী নতুন দিল্লীত ‘জনসংখ্যা সমাধান ফাউণ্ডেচন’ নামেৰে এটি ৰাষ্ট্ৰবাদী সংগঠন গঢ় লয় ৷ ১৮০০ চনৰ পৰা ১৯৫০ চনৰ ভিতৰত পৃথিৱীৰ জনসংখ্যা ১৫০ কোটি বৃদ্ধি পাইছিল ৷ কিন্তু ১৯৫০ চনৰ পৰা ২০০০ চনৰ ভিতৰত কেৱল ৫০ বছৰতে পৃথিৱীত জনসংখ্যা ৩৫০ কোটি বৃদ্ধি পায় বুলি মন্তব্য কৰে ৷ ভাৰতবৰ্ষৰ ক্ষেত্ৰত ২০০১ চনৰ পৰা ২০১১ চনলৈকে ভাৰতৰ জনসংখ্যা বৃদ্ধি হয় ১৮.৪ কোটি ৷ অসমৰ ক্ষেত্ৰত ১৯০১ চনত ঘনত্ব আছিল মাত্ৰ ৪১ জন কিন্তু ২০১১ চনত এই ঘনত্ব হয় ৩৯৭ জনলৈ বৃদ্ধি হয় বুলি কৈ বিগত ৫০ বছৰত প্ৰতি বছৰে গঢ়ে প্ৰায় ৮ কোটিমানকৈ জনসংখ্যা বৃদ্ধি হৈছিল বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷ সভাত উপস্থিত থকা অসম প্ৰদেশ মহিলা শক্তিৰ সাংগঠনিক সচিব ৰূপৰেখা গোস্বামীয়ে জনসংখ্যা সমাধান ফাউণ্ডেচনৰ লক্ষ্য উদ্দেশ্যত উপনীত হোৱাৰ ক্ষেত্ৰত মহিলা সকলৰ দায়িত্ব আৰু কতব্যৰ ওপৰত মন্তব্য কৰে ৷ অসম প্ৰদেশৰ সচিব বিপ্লৱ চৰকাৰে ‘জনসংখ্যা নিয়ন্ত্ৰণ ‘ এক সামাজিক শক্তিশালী আন্দোলন ৷ আমি সকলোৱে আমাৰ নিজৰ সভ্যতা- সংস্কৃতি জাতিক বচাবলৈ সকলোৱে আগবাঢ়ি আহি এই আন্দোলনত সহযোগিতা কৰিব লাগিব বুলি মন্তব্য কৰে ৷ বিশ্বৰ চহকী সভ্যতা -সংস্কতি হিচাপে ভাৰতীয় সভ্যতা – সংস্কৃতি হিচাপে ভাৰতীয় সভ্যতা-সংস্কতি , সমাজনীতি , অৰ্থনীতি সকলো ক্ষেত্ৰতে সমস্যাৰ সৃষ্টি কৰা জনবিস্ফোৰণ নিয়ন্ত্ৰণ কৰি ভাৰতবৰ্ষক পৰম বৈভ্যৱশালী ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিব লাগিব বুলি মন্তব্য কৰে । এই গুৰুত্বপূৰ্ণ সভা খনত মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ তথা ফাউণ্ডেচনৰ মাজুলীৰ সংৰক্ষক ড° দেৱজিত শইকীয়া , ৰঙাচাহী মহাবিদ্যালয়ৰ অধ্যক্ষ ড° নৱকুমাৰ গাম , মাজুলী মহিলা শক্তিৰ সংৰক্ষক কৃষ্ণা মেধি , মহিলা শক্তিৰ অধ্যক্ষ সীমা দেউৰীৰ লগতে বহু কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷
প্ৰেৰক প্ৰাঞ্জল খাউণ্ড