নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুলীয়াজানত চলি থকা অসম গ্ৰন্থমেলালৈ পুথিপ্ৰেমীৰ ইতিবাচক সঁহাৰি

📌 অসমীয়া ভাষালৈ ধ্ৰুপদী ভাষাৰ মৰ্যাদা” শীৰ্ষক আলোচনা সত্ৰ 

📌 ধ্ৰুপদী স্বীকৃতিয়ে প্ৰমাণ কৰিলে অসমীয়া ভাষাৰ স্বতন্ত্ৰতা-প্ৰাচীন ঐতিহ্যঃ সুমন্ত চলিহা

নিয়মীয়া বাৰ্তা ডিজিটেল, ৬ নৱেম্বৰঃ তৈল নগৰী দুলীয়াজানত অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই আয়োজন কৰা অসম গ্ৰন্থমেলালৈ পুথিপ্ৰেমীৰ ইতিবাচক সঁহাৰিয়ে লেখক-প্ৰকাশক উভয় পক্ষকে উৎসাহিত কৰি তুলিছে ৷ ইয়াৰ বিহুতলীত সাতদিনীয়াকৈ আয়োজন কৰা অসম গ্ৰন্থমেলাৰ বাকৰিত আজি দুখনকৈ গুৰুত্বপূৰ্ণ আলোচনা সত্ৰ অনুষ্ঠিত হৈ যায় ৷ ইয়াৰে “অসমীয়া ভাষালৈ ধ্ৰুপদী ভাষাৰ মৰ্যাদা” শীৰ্ষক আলোচনা সত্ৰখনে সকলোকে আকৰ্ষিত কৰা পৰিলক্ষিত হয় ৷ ৰাজ্য চৰকাৰে পালন কৰা ভাষা গৌৰৱ কাৰ্যসূচীৰে সংগতি ৰাখি অনুষ্ঠিত কৰা এই আলোচনা সত্ৰখন উদ্বোধন কৰে অসম প্ৰকাশন পৰিষদৰ উপাধ্যক্ষ, বিশিষ্ট অভিধান প্ৰণেতা সুমন্ত চলিহাই ৷ তেওঁ কয় যে অসমীয়া ভাষাই ধ্ৰুপদী মৰ্যাদা লাভ কৰাৰ প্ৰক্ৰিয়াটো এক সংগ্ৰামৰ সাফল্য৷ ভাষাটোৰ অতীততে এই সংগ্ৰামৰ শিপা গজিছিল৷ এসময়ত ভাষাটো নোহোৱাই হ’বলৈ ওলাইছিল৷ অসমীয়া ভাষাটোক বা ইয়াৰ লিপিক বাংলা ভাষাৰে এটা ৰূপ বুলি অপব্যাখ্যা কৰা হৈছিল৷ কিন্তু অসমীয়া ভাষা যে এটা স্বতন্ত্ৰ ভাষা, ইয়াৰ প্ৰাচীন ঐতিহ্য আছে এয়া প্ৰমাণ কৰিবলৈ বহু মনীষীয়ে দীঘলীয়া যুঁজ কৰিছিল৷ ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাই “ৱ” বৰ্ণৰে অসমীয়া আৰু বাংলা ভাষাৰ পৃথকতা সাব্যস্ত কৰিছিল ৷ অৱশেষত এই দীঘলীয়া যুঁজখনে সফলতা অৰ্জন কাৰিলে৷ ধ্ৰুপদী ভাষাৰ মৰ্যাদাৰে কেন্দ্ৰীয় চৰকাৰে অসমীয়া ভাষাৰ স্বতন্ত্ৰতাক মান্যতা প্ৰদান কৰিলে৷ এই আলোচনা সত্ৰখন সঞ্চালনা কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক, বিশিষ্ট ভাষাতত্ত্ববিদ ড° অৰ্পণা কোঁৱৰে ৷ তেওঁ ভাষণত কয় যে অসমীয়া ভাষাই ধ্ৰুপদী স্বীকৃতি লাভ কৰাটো অসমবাসীৰ বাবে যথাৰ্থতে গৌৰৱৰ বিষয় ৷ ইয়াৰ জৰিয়তে আমাৰ ভাষাটোৰ প্ৰাচীন ঐতিহ্য প্ৰতিপন্ন হ’ল ৷ এতিয়া শুদ্ধ চৰ্চা আৰু প্ৰয়োগেৰে অসমীয়া ভাষাক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাৰ পথ নিশ্চয় মুকলি হ’ব৷ অসম গ্ৰন্থমেলাৰ বাকৰিত এই বিষয়ক লৈ আলোচনা সত্ৰ আয়োজন কৰাটো অতি গুৰুত্বপূৰ্ণ৷ ইয়াত আলোচক অতিথিৰূপে অংশগ্ৰহণ কৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক তথা লেখক ড° সুবাসনা মহন্তই কয়—“অসমীয়া ভাষাই ধ্ৰুপদী মৰ্যাদা লাভ কৰাটো আমাৰ বাবে গৌৰৱ আৰু দায়ৱদ্ধতাৰ বিষয় ৷ এতিয়া ভাষাটোৰ চৰ্চা অধিক ব্যাপকতৰ আৰু বিশুদ্ধ হ’ব লাগিব ৷ সচেতনতাৰে ভাষা চৰ্চা কৰাটো অসমীয়াভাষী সকলৰ জাতীয় দায়িত্ব হৈ পৰিল৷ তেতিয়াহে ভাষাটোৰ সমৃদ্ধি হোৱাৰ উপৰি ধ্ৰুপদী মৰ্যাদা লাভ কৰাটো সাৰ্থক হ’ব ৷” আন এগৰাকী আলোচক, এবিলাকৰ সহযোগী অধ্যাপক ড° ভাস্কৰজ্যোতি শৰ্মাই কয় যে ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভ কৰাটো এক দীঘলীয়া আৰু পদ্ধতিগত প্ৰক্ৰিয়া৷ প্ৰথমে বিধানসভাত আৰু পাছত লোকসভাৰ দুয়োখন সদনতে বিষয়টো উত্থাপন হোৱাৰ পৰৱৰ্তী পৰ্যায়ত কেন্দ্ৰীয় সাংস্কৃতিক, শিক্ষা আৰু গৃহমন্ত্ৰালয়ৰ মাজেৰে গৈ কেবিনেটত উত্থাপন হয় ৷ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ পৰামৰ্শ, পদক্ষেপ আৰু অসম প্ৰকাশন পৰিষদৰ নেতৃত্বত এই প্ৰক্ৰিয়াৰ মাজেৰে কেবাটাও স্তৰ অতিক্ৰম কৰি অসমীয়া ভাষাটোৱে ধ্ৰুপদী মৰ্যাদা লাভ কৰিল৷ এই স্বীকৃতিয়ে অসমৰ নৃতত্ব, সংস্কৃতি, বুৰঞ্জী আদি সকলো দিশকে সামৰি লয়৷ গতিকে এয়া অসমৰ বাবে এক সামগ্ৰিক স্বীকৃতি৷ এয়া যথাৰ্থতে আমাৰ বাবে আনন্দ আৰু গৌৰৱৰ বিষয়৷ একেদৰে আলোচক অতিথি, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বিষয়া, ভাষা বিষয়ক গৱেষক ড° গুণদীপ চেতিয়াই কয় যে ভাৰতবৰ্ষ এখন বহুভাষিক দেশ৷ ইয়াৰ ভিতৰত অসমীয়া ভাষাই ধ্ৰুপদীৰ মৰ্যাদা লাভ কৰাটো আমাৰ বাবে পৰম আনন্দৰ বিষয়৷ যিটো ভাষাক এসময়ত বাংলাৰ অপভ্ৰংশ বুলি কোৱা হৈছিল সেই ভাষাটোৱে আজি প্ৰাচীনত্ব প্ৰমাণ কৰি ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰিলে ৷ অসমীয়া সন্দৰ্ভত এতিয়া আৰু মানুহৰ মাজত ভুল ধাৰণা সুমুৱাই দিব নোৱাৰে৷ তুলনামূলকভাৱ কম সংখ্যক মানুহে কোৱা হ’লেও অসমীয়া ভাষাৰ স্বকীয়তা প্ৰতিষ্ঠা হ’ল৷ প্ৰযুক্তিৰ সৈতে ভাষাৰ সম্পৰ্ক আছে৷ অসমীয়া ভাষাৰো ইংৰাজীৰ দৰেই প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ বাবে প্ৰযুক্তিৰ সহায় লোৱাৰ প্ৰয়োজন আছে ৷ বৈদ্যুতিন মাধ্যমত বিভিন্ন প্ৰকল্প হাতত লৈ অসমীয়া ভাষাৰ প্ৰতিও ছাত্ৰ-ছাত্ৰী সকলৰ আকৰ্ষণ বৃদ্ধি কৰিব পাৰি ৷ উদাহৰণ স্বৰূপে কাৰ্টুন চাই আজিকালি ল’ৰা-ছোৱালীয়ে হিন্দী-ইংৰাজী নিজে শিকে৷ অসমীয়া ভাষাৰ ক্ষেত্ৰতো এনে প্ৰকল্প হাতত ল’ব পাৰি৷ গ্ৰন্থমেলাৰ বাকৰিত অনুষ্ঠিত আনখন আলোচনা সত্ৰৰ বিষয় হৈছে “ সাম্প্ৰতিক অসমীয়া উপন্যাসৰ বিষয়বস্তুৰ ভিন্নতা আৰু ভাষাৰ প্ৰয়োগ” ৷ আলোচনা সত্ৰখন উদ্বোধন কৰে দুলীয়াজান সাহিত্য সভাৰ প্ৰাক্তন সভাপতি হেমেন নেওগে ৷ তেওঁ কয় যে সময় আৰু সামাজিক প্ৰেক্ষাপটে সাহিত্যৰ গতিত প্ৰভাৱ পেলায়৷ সময়ৰ লগে লগে অসমীয়া উপন্যাস সাহিত্যতো এই প্ৰভাৱ পৰিলক্ষিত হৈছে৷ ভিন্ন বিষয় আৰু ভাষা পৰীক্ষামূলক প্ৰয়োগে অসমীয়া উপন্যাসক আগুৱাই নাছে ৷ বিশিষ্ট লেখক-সমালোচক ড° অজিৎ শইকীয়াই আলোচনাা সত্ৰখন সঞ্চালনা কৰি কয় যে এটা গুৰুত্বপূৰ্ণ বিষয়ক লৈ আজি ইয়াত আলোচনা সত্ৰ অনুষ্ঠিত হ’ল৷ এঘন্টা বা ডেৰ ঘন্টাৰ ভিতৰত এনে এটা বিশাল বিষয় খৰচী মাৰি আলোচনা কৰা সম্ভৱ নহয় ৷ তথাপি আটাইকেইগৰাকী আলোচকে তথ্য নিৰ্ভৰকৈ আৰু সুক্ষ্ম বিশ্লেষণেৰে বিষয়টো আলোচনা কৰিলে৷ ইয়াৰ জৰিয়তে সাহিত্যৰ ন-শিকাৰুসকল নিশ্চয় উপকৃত হ’ব ৷ সত্ৰখনত আলোচক অতিথিৰূপে অংশগ্ৰহন কৰি বিষয় প্ৰসংগত তথ্য নিৰ্ভৰ সাৰগৰ্ভ বক্তব্য আগবঢ়ায় ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ড° লক্ষীপ্ৰিয়া গগৈয়ে৷ তেওঁ কয় যে বিগত শতিকাৰ ৯০ৰ দশকলৈ অসমৰ সমাজ-জীৱন বিভিন্ন জটিলতাৰ মাজেৰে আগবাঢ়িছে৷ অসম আন্দোলন, সশস্ত্ৰ সংগ্ৰাম, জাতীয় অস্তিত্বৰ প্ৰসংগ আদিয়ে বেছ দীঘলীয়া সময় আমাৰ ৰাজ্যখন অস্থিৰ কৰি ৰাখিছিল৷ এইবোৰ বিষয় সাহিত্যলৈ, বিশেষকৈ উপন্যাসলৈ উঠি আহিছে৷ ইয়াৰ পাছৰ সময়ছোৱাত আন আন বিষয়বোৰ যেনে ব্যক্তি স্বাধীনতা, লৈংগিক বৈষম্যবাদ, প্ৰান্তীয় সমাজ আদি বিষয়বোৰ এতিয়া পৃথিৱীত চৰ্চিত বিষয়৷ এইবোৰো এতিয়া অসমীয়া উপন্যাসত সোমাই পৰিছে৷ এই বিষয়বোৰে ভাষা প্ৰয়োগৰ দিশটোকো সমৃদ্ধ কৰিছে৷ আন এগৰাকী আলোচক, দুলীয়াজান মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ড° চিত্ৰজিৎ শইকীয়াই কয় যে সাম্প্ৰতিক অসমীয়া উপন্যাসৰ গতি-প্ৰকৃতি, ভাষাৰ প্ৰয়োগে এটা বিশ্বমুখী যাত্ৰা আৰম্ভ কৰা বুলি ক’ব পাৰি৷ বিষয়বস্তুৰ ভিন্নতা যেনে মনস্তত্ব, প্ৰান্তীয় চেতনা, লৈংগিক চেতনা, প্ৰাকৃতিক চেতনা আদি ভিন্ন বিষয়ে অসমীয়া উপন্যাসক সমৃদ্ধ কৰিছে৷ পৰিস্থিতিগত পৰিৱৰ্তনে সাহিত্যৰ বিষয়লৈ নতুনত্ব কঢ়িয়াই আনে ৷ সাম্প্ৰতিক অসমীয়া উপন্যাসতো ইয়াৰ প্ৰভাৱ আছে ৷ বিশ্বায়নে আনি দিয়া পৰিৱৰ্তনে কেনেদৰে আমাৰ সমাজ গাঁথনিত প্ৰভাৱ পেলাইছে, এই অৱস্থাত নৈতকতাৰ সংজ্ঞা কি , বিকাশৰ প্ৰকৃত প্ৰাপ্তি কি , ব্যক্তি স্বাধীনতাৰ পৰিমণ্ডল, উত্তৰ ক’ভিড পৰিৱেশ আদি কথাবোৰে সাম্প্ৰতিক অসমীয়া উপন্যাসলৈ নতুনত্ব কঢ়িয়াই আনিছে৷ পুৰাকথাও সাম্প্ৰতিক অসমীয়া উপন্যাসৰ চমকপ্ৰদ বিষয় হৈ পৰিছে য’ত পুনৰ নিৰ্মাণ অতি লক্ষণীয়৷ একেদৰে আলোচক, চেপন মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ড° অসীম চুতীয়াই কয় যে বিষয়বস্তুৰ সৈতে ভাষাৰ সম্পৰ্ক থাকিবই৷ বিষয় এটা নিৰ্বাচন কৰাৰ লগে লগে ভাষাৰ প্ৰয়োগৰ কথাও আহি পৰে ৷ নগৰীয়া আৰু গ্ৰাম্য সমাজৰ মানুহৰ জীৱন ধাৰণৰ প্ৰণালী পৃথক৷ অসমতো এই দুয়োটা ধাৰাৰ জীৱন প্ৰণালী আছে ৷ অসমীয়া উপন্যাসতো এই জীৱন প্ৰণালীৰ প্ৰভাৱ আছে৷ সময়ে আমাৰ মাজলৈ বিভিন্ন জীৱন দৰ্শন কঢ়িয়াই আনে৷ সাহিত্যত ইয়াৰ প্ৰভাৱ পৰে৷ সাম্প্ৰতিক অসমীয়া উপন্যাসকো এনে বিষয়বোৰে সমৃদ্ধ কৰি ৰাখিছে ৷ দুয়োখন আলোচনা সত্ৰৰে আঁত ধৰে লেখক-সাংবাদিক নৱজ্যোতি পাঠকে ৷ ইয়াৰ পাছতে প্ৰবোধ দাসৰ পৰিচালনাত বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ৰ মাজত অনুষ্ঠিত হয় সাংস্কৃতিক প্ৰতিযোগিতা৷ এই অনুষ্ঠান উদ্বোধন কৰে জ্যেষ্ঠ সাংবাদিক, অসম নাট্য সন্মিলনৰ প্ৰাক্তন সম্পাদক কৰুণজ্যোতি শইকীয়াই ৷

You might also like