আইনী মেৰপেঁচত গ্রামোন্নয়নৰ ৩৪৪ কনিষ্ঠ অভিযন্তাৰ পদ
নিয়মীয়া বাৰ্তা, ১৯ জুলাইঃ ৰাজ্যৰ পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ ৩৪৪টা কনিষ্ঠ অভিযন্তাৰ নিযুক্তি প্রক্রিয়া সোমাই পৰিছে আইনী মেৰপেঁচত৷ বিভাগটোত নিযুক্তিৰ বাবে অসম লোকসেৱা আয়োগে (এ পি এছ চি) প্রকাশ কৰা বিজ্ঞাপনৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে বর্তমান গ্রামোন্নয়নত ঠিকাভিত্তিকভাৱে কর্মৰত একাংশ কনিষ্ঠ অভিযন্তা৷ বিভাগীয় আলোচনা অনুমৰি অভিজ্ঞতাসম্পন্ন প্রার্থীক অগ্রাধিকাৰ নিদিয়াৰ বাবে সদৌ অসম স্বীকৃতিপ্রাপ্ত অভিযন্তা সংস্থাই উচ্চ ন্যায়ালয়ত দাখিল কৰিছে লেখ আবেদন৷ ২৮৩৯/২০২০ নম্বৰৰ লেখ আবেদনৰ প্রথম শুনানি ইতিমধ্যে সম্পন্ন হৈছে৷ অহা ২১ জুলাইত আবেদনৰ পৰৱর্তী শুনানি গ্রহণ কৰিব ন্যায়ালয়ে৷
উল্লেখ্য যে পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ ৩৪৪টা কনিষ্ঠ অভিযন্তা পদত নিযুক্তিৰ বাবে যোৱা ২৬ জুনত বিজ্ঞাপন প্রকাশ কৰা হৈছিল৷ বিজ্ঞাপন প্রকাশ কৰা এই পদসমূহৰ বিপৰীতে বহুসংখ্যক অভিযন্তাই ঠিকাভিত্তিকভাৱে কাম কৰি আছে৷ প্রায় ১০ বছৰ ধৰি এই অভিযন্তাসকলে পদসমূহত ঠিকাভিত্তিকভাৱে কাম কৰি আহিছে৷ সেই অনুসৰি পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগে আবেদনকাৰী সংস্থাটোৰ সৈতে এক আলোচনাত মিলিত হৈছিল৷ এই আলোচনাকালত স্থায়ী নিযুক্তিৰ ক্ষেত্রত ঠিকাভিত্তিকভাৱে কর্মৰতসকলক অগ্রাধিকাৰ দিয়াৰ আশ্বাস দিছিল৷
অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে ঠিকাভিত্তিক কর্মচাৰীক নিযুক্তিৰ বাবে গ্রহণ কৰা পদক্ষেপ অনুসৰণ কৰা হ’ব বুলিও বিভাগীয়ভাৱে আশ্বাস দিয়া হৈছিল৷ কিন্তু পদসমূহৰ স্থায়ী নিযুক্তিৰ ক্ষেত্রত ঠিকাভিত্তিকভাৱে কর্মৰতসকলক অগ্রাধিকাৰ দিয়াৰ বিষয়টো সম্পূর্ণৰূপে আওকাণ কৰা হ’ল৷ ইয়াতে ক্ষুণ্ণ হৈ সংস্থাটোৱে উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছে৷ পৰৱর্তী শুনানিত ঠিকাভিত্তিক অভিযন্তাসকলক নিযুক্তিৰ ক্ষেত্রত কিয় অগ্রাধিকাৰ দিয়া নহ’ল, সেয়া বিভাগীয়ভাৱে অৱগত কৰিব লাগিব উচ্চ ন্যায়ালয়ক৷